চীনত ২১ জনকৈ লোকৰ বানত মৃত্যু ঘটাৰ পাছত ৫খনকৈ চহৰত ৰেড এলার্ট জাৰি

pc-BBC

চীনত ২১ জনকৈ লোকৰ বানত মৃত্যু ঘটাৰ পাছত ৫খনকৈ চহৰত ৰেড এলার্ট জাৰি

অনলাইন বাৰ্ত্তাসেৱা – চীনৰ ইচেং চহৰত অভিলেখ সৃষ্টিকাৰী ৪০০ মিলিলিটাৰ বৃষ্টিপাত হয়। জৰুৰীকালীন মন্ত্ৰালয়ে শুক্ৰবাৰে সদৰী কৰা মতে, ছুইঝৌ, জিংয়াং আৰু জিৱাওগান চহৰতো প্রবল বৃষ্টিপাতৰ বাবে ৰেড এলাৰ্ট ঘোষণা কৰা হৈছে৷ জিনহুৱা সংবাদ প্রতিষ্ঠানে পৰিৱেশন কৰা বাতৰি অনুসৰি প্রবল বৃষ্টিপাতৰ বাবে ইচেং চহৰত ২,৭০০ৰো অধিক ঘৰ পানীত বুৰ গৈছে। চীনত ২১ জনকৈ লোকৰ বানত মৃত্যু ঘটাৰ পাছত হুবেই প্ৰদেশৰ ৫খনকৈ চহৰত ৰেড এলার্ট জাৰি কৰিবলগীয়া হৈছে। ইতিমধ্যে, ৬ হেজাৰৰো অধিক লোকক নিৰাপদ স্থানলৈ আঁতৰাই নিয়া হৈছে৷ উদ্ধাৰকাৰী দলে ছুইঝৌ জিংয়াং আৰু জিৱাওগান চহৰত আবদ্ধ লোকসকলক উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখে। বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগলৈ হুবেই প্ৰদেশৰ ৭৭৪ টা ৰিজাৰ্ভাৰৰ পানী ওফন্দি উঠাত বান সতৰ্কীকৰণ জাৰি কৰা হয়। প্রবল বৃষ্টিপাতৰ ফলত ঠায়ে ঠায়ে বিদ্যুৎ যোগান আৰু যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰিছে৷ একেদৰে যোৱা সপ্তাহতো দক্ষিণ-পশ্চিমৰ ছিছুৱান প্ৰদেশত প্রবল বৃষ্টিপাতৰ বাবে ৮০ হেজাৰ লোকক নিৰাপদ ঠাইলৈ আঁতৰাই নিয়া হৈছিল।

(UD.)