চি বি আয়ৰ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য বৈদ্যুতিক অভিযন্তা ভি কে উপাধ্যায়ক গ্ৰেপ্তাৰ

Pc Medical Dialogues

চি বি আয়ৰ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য বৈদ্যুতিক অভিযন্তা ভি কে উপাধ্যায়ক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  মালিগাঁৱত নিজ কার্যালয়তে দাবী কৰা উৎকোচ ২.১০ কোটি টকাৰ কিস্তি হিচাপে ১৫ লাখ টকা লওঁতেই চি বি আয়ে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ উপ-মুখ্য বৈদ্যুতিক অভিযন্তা (ক’চিং) ৰঞ্জিত কুমাৰ বৰাক গ্ৰেপ্তাৰৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ জালত পৰিল আন এজন শীর্ষ এই শীর্ষ বিষয়াজন হৈছে মুখ্য অভিযন্তা (বৈদ্যুতিক) ভি কে উপাধ্যায়।উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মালিগাঁওস্থিত মুখ্য কাৰ্যালয়ত চলা উপঢৌকনৰ মুকলি বজাৰ সন্দৰ্ভত ৰুজু কৰা গোচৰৰ বিপৰীতে চি বি আয়ে আন দুজন লোককো গ্ৰেপ্তাৰ কৰিছে। ধৃত আন দুজন লোক হ’ল বিহাৰৰ পাটনাস্থিত ঠিকাদাৰী প্ৰতিষ্ঠান মেছাৰ্ছ ছানছাইন ডিভাইছেছ প্রাইভেট লিমিটেডৰ সঞ্চালক চিন্তন জৈন আৰু প্রতিষ্ঠানটোৰ কৰ্মচাৰী নীৰজ কুমাৰ।গোচৰটোৰ বিপৰীতে তালাচী অভিযান চলাই চি বি আইৰ দলে কেতবোৰ ভয়ংকৰ তথ্য লাভ কৰিবলৈ সক্ষম হৈছে। একে সময়তে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ধৃত দুই শীর্ষ বিষয়াৰ ঘৰৰ পৰা জব্দ কৰিছে বৃহৎ পৰিমাণৰ নগদ ধন। এই সন্দৰ্ভত চি বি আইৰ এক উচ্চস্তৰীয় সূত্রই প্ৰকাশ কৰা মতে,  উৎকোচৰ লেনাদেনা চলি থকাৰ সময়তে উপ-মুখ্য বৈদ্যুতিক অভিযন্তা (ক’চিং) ৰঞ্জিত কুমাৰ বৰা আৰু পাটনাৰ মেছাৰ্ছ ছানছাইন ডিভাইছেছ প্রাইভেট লিমিটেডৰ কৰ্মচাৰী নীৰজ কুমাৰক গ্ৰেপ্তাৰ কৰাৰ পাছতে গুৱাহাটী, পাটনা, নইদা আদিৰ ৯টাকৈ স্থানত তালাচী চলোৱা হৈছিল। এই তালাচীৰ সময়তে প্রায় ২.১৯ কোটি টকাৰ লগতে বিভিন্ন অপৰাধমূলক তথ্যৰ নথি-পত্ৰ জব্দ কৰা হয়। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল— ধৃত মুখ্য অভিযন্তা (বৈদ্যুতিক) ভি কে উপাধ্যায়ৰ নইদাত থকা ঘৰত তালাচী চলোৱাৰ সময়তে নগদ ২.১৩ কোটি টকাসহ অভিজাত এলেকাটোত তিনিটাকৈ বিলাসী ফ্লেট থকাৰ বিশদ তথ্য চি বি আয়ে লাভ কৰিবলৈ সক্ষম হৈছে।