চিন্তা জগতৰ কলম্বাচ- কটন বিশ্ববিদ্যালয়

সদৌ অসম ছাত্ৰ সমাজে মহীৰূপ শ্ৰদ্ধাস্পদ হোমেন বৰগোহাঞি ছাৰৰ স্মৃতিত আয়োজন কৰা কবিতা লিখা প্ৰতিযোগিতা ৰ ফলাফল সমূহৰ স্থান প্ৰাপ্ত কবিতা সমূহ – দ্বিতীয় স্থান প্ৰাপ্ত

চিন্তা জগতৰ কলম্বাচ

মৃত্যু যদি অনুষ্ঠানিকতা
তেখেত মুখ্য অনুষ্ঠান
পোহৰক পাহৰে কোনে

সপোন গগনাতীত হ’লে
আকাশ মাথো বিলাস
কৰ্ম সূৰুযমুখী আকাশীযান

চিন্তা ঝৰ-ঝৰ জলপ্ৰপাত
অবিশ্ৰান্ত, অগতানুগতিক
ঢকুৱাখনাৰ ধুমুহা! শব্দ-বাক্যৰ
ঢাহি-মুহি, ধাৰাসাৰ

ফ্ৰয়ড সপোনৰ ব্যাখ্যাত থাকিছিল
আপোনাৰ কলমেৰে বাগৰি আহিছিল
সমালোচনা

নাৰীবাদ নে নাৰী বাদ?
আঘাত লগা প্ৰশ্ন
নেৰুডালৈ এৰিছো

সাহিত্য, সাংবাদিকতা
বিশ্বকোষ, কৰুণাধাৰা
চাৰিকড়িয়াৰ চাৰিটা কড়ি দান
সাউদৰ পুতেকে নাও মেলি যায়…

-সুদৰ্শন কৌশিক শৰ্মা
কটন বিশ্ববিদ্যালয়