চিন্তামণিৰ চিন্তা – ২০২০ বৰ্ষত মানৱৰ দৰ্প চূৰ্ণ -লংকেশ্বৰ ডেকা

চিন্তামণিৰ চিন্তা ২০২০
চিন্তাৰ সাগৰত কক্-বকাই আছো। অথচ ইমান দিনে এটি চিন্তাও আপোনালোকৰ আগত দাঙি ধৰিব পৰা নাই। চিন্তাবোৰ মনৰ মাজত আউল লাগি আছে। ওলাই আহিব পৰা নাই।
তথাপি আজি বহিছো হাতত মোবাইল ফোনটো লৈ কিবা এটা লিখিম বুলি। (আজি- কালি মাজে সময়ে কাগজ কলমৰ পৰিবৰ্তে মোবাইল ফোনত লিখিবলৈ চেষ্টা কৰো) কিনো লিখিম বুলি ভাবোতেই আপদীয়া ২০২০ ইংৰাজী বৰ্ষটোৰ স্মৃতিয়ে বৰকৈ আমনি কৰে। ২০২০ বৰ্ষত সমগ্ৰ বিশ্ব ক’ৰোণা মহামাৰীৰ ত্ৰাসত সন্ত্ৰস্ত। লাখ লাখ মানুহৰ জীৱন ক’ৰোণা মহামাৰীয়ে চিকিৎসা কৰাৰ সুবিধা নিদি কাঢ়ি নিলে। বিশ্বৰ অৰ্থনীতি আজি শোচনীয় অৱস্থালৈ অবনমিত। চাৰিওফালে মানুহৰ হাহাকাৰ। বছৰটো একেবাৰে বেয়াকৈ অতিবাহিত হ’ল ।মোৰ নিজৰ কথাই কও। কভিদ-১৯ত নহলেও এই বছৰটোত চাৰিজনকৈ মোৰ আপোন মানুহক মই হেৰুৱালো। প্ৰথমতে ৪ চেপ্তেম্বৰ, ২০২০ তাৰিখে ঢুকাল মোৰ সৰু ভনীজোঁৱাই অজিত লহকৰ। তাৰ পিছত ৬ অক্টোবৰ, ২০২০ তাৰিখে ঢুকাল আমাৰ চাৰি নম্বৰ ভাইটী মনোমোহন ডেকা। তাৰ পিছত ৭ নবেম্বৰ, ২০২০ তাৰিখে ঢুকাল মোৰ শহুৰ দেউতা শিশুপাল মধি। আৰু বছৰটোৰ শেষৰফালে ১৮ নবেম্বৰ, ২০২০ তাৰিখে হেৰুৱালো মোৰ পৰম বন্ধু মহেশ চন্দ্ৰ মেধিক। সঁচাকৈ আপদীয়া বছৰ। এনেকুৱা বছৰ যেন কোনোদিনে নাহে, তাকেই কামনা কৰিলোঁ।

২০২০ বৰ্ষৰ নেতিবাচক দিশ অন্তহীন। কিন্তু তাৰ মাজতেই আমি বহুত শিকিব লগীয়া জানিব লগীয়া শিক্ষা পালো।
২০২০ বৰ্ষত বিশ্ব মানৱৰ দৰ্প চূৰ্ণ হ’ল । জীৱ শ্ৰেষ্ঠ মানৱে দ্ৰুতগামী বিশ্বত থমকি ৰব লগা হ’ল । কল-কাৰখানা, গাড়ী-মটৰৰ ধোঁৱাই প্ৰদূষিত কৰা প্ৰকৃতিয়ে এবাৰ উসাহ লবলৈ সুবিধা পালে। প্ৰকৃতিৰ ওপৰত মানুহে কৰি অহা অত্যাচাৰ আৰু ২০২০ বৰ্ষত প্ৰকৃতিয়ে ঘূৰাই পোৱা বিনন্দীয়া ৰূপ উপলব্ধি কৰিবলৈ আজি সকলোৱে আহৰি পালে।

২০২০ বৰ্ষত চকুৰ আগতে হাজাৰ হাজাৰ মানুহৰ বিনা চিকিৎসাই বিনা শুশ্ৰূষাই মৃত্যু মুখত পৰিল। আনকি আপোনজনে যথাৰীতি মৃতকৰ সৎকাৰ কৰিবলৈও সুবিধা নাপালে। মানুহে এই বছৰত কিছুসময়ৰ বাবে হলেও “অথিৰ ধন-জন জীৱন যৌৱন, অথিৰ এহু সংসাৰ” কথাষাৰ উপলব্ধি কৰিছে। মানুহে মানুহৰ বাবে কিবা এটা কৰাৰ চিন্তা কৰিছে।
এই সময়ছোৱাত পৰিয়ালৰ মাজত এক ঘৰুৱা পৰিবেশ ঘূৰি আহিছে। হোটেল ৰেষ্টোৰাৰ খাদ্যৰ সলনি ঘৰতে খাদ্য প্ৰস্তুত কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ চিন্তা চৰ্চা কৰিছে। স্থানীয় ভাবে পোৱা ঔষধি গুণ যুক্ত আদা নহৰু জালুক আদিৰ প্ৰতি মানুহৰ আদৰ বাঢ়িছে। প্ৰতিকাৰতকৈ যে প্ৰতিৰোধ উত্তম সেই কথা মানুহে ভালদৰে অনুভৱ কৰিছে। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত গৰুত্ব দিছে। ঘনে ঘনে হাত ধোৱা, মাস্ক ব্যৱহাৰ কৰা, দূৰত্ব বজাই ৰখা আদি নিয়মবোৰৰ গুৰুত্ব বুজি পাইছে।
২০২০ বৰ্ষটোত সাময়িক ভাৱে হাৰ মানিলেও ক’ৰোণা সৃষ্ট প্ৰত্যাহ্বান বিশ্ব মানৱে গ্ৰহণ কৰি এক আশাৰ ৰেঙণি দেখুৱাইছে। ইতিমধ্যে কেবাখনো দেশে ক’ৰোণা ভেকচিন প্ৰস্তুত কৰি উলিয়াইছে। ইয়াৰ সফল প্ৰয়োগে নিশ্চয় মানৱ জাতিলৈ এক সুখৰ বতৰা কঢ়িয়াই আনিব।
*******