চিন্তামণিৰ চিন্তা- #মুক্ত_কিতাপ_পৰীক্ষা (Openbookexam)- চৈতন্য কুমাৰ ভৰদ্বাজ

চিন্তামণিৰ চিন্তা- #মুক্ত_কিতাপ_পৰীক্ষা – চৈতন্য ভৰদ্বাজ #open_book_exam
কʼৰʼনা মহামাৰীয়ে ২০২০ বছৰটোত সকলো ক্ষেত্ৰতে প্ৰভাৱ পেলালে। সামাজিক, অৰ্থনৈতিক আদিকে ধৰি শিক্ষাৰ ক্ষেত্ৰত বহু পিছুৱাই গʼল। এইবাৰো কʼৰʼণাৰ একেই সংহাৰী ৰূপ। যোৱাবাৰ হঠাতে অহা বাবে আমাৰ হাতত কৰিব পৰা একো নাছিল। কিন্তু বিজ্ঞানী আৰু চিকিৎসকসকলে বাৰে বাৰে কৈ থকাৰ পিছতো একো কৰিব নোৱাৰা টো চৰম বিফলতা।
প্ৰথমেই কওঁ পৰীক্ষাবোৰ সময়মতে পাতিব নোৱাৰা কথাটো বৰ্ড, কাউন্সিল আৰু বিশ্ববিদ্যালয়ৰ হেমাহি বা কাণ্ডজ্ঞানহীনতাৰ বাবে হৈছে । উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ বিষয়বস্তু কম কৰাৰ পিছতো এবছৰৰ ভিতৰত পৰীক্ষা পাতিব নোৱাৰা কথাটো চৰম বিফলতা। পৰীক্ষাৰ্থী থকা ঘৰখনে বুজিব কিমান অশান্তি আৰু অনিশ্চয়তাৰ মাজেৰে দিন নিয়াইছে । ফেব্ৰুৱাৰী মাহত সকলোবোৰ পৰীক্ষা পাতিব পাৰিলেহেতেন।
স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাসমুহৰো একে‌ অৱস্থা । আজি এখন কালি এখন নটিচ । আমি ছেপ্তেম্বৰ ২০২০ পৰা‌ ১ম, ৩য় আৰু ৫ম ষাম্নাসিকৰ অনলাইন আৰু অফলাইন ক্লাছ এপ্ৰিল ২০২১ লৈ কৰিলো । মুঠতে আঠ মাহ । ভাল দিনত তিনিমাহ ক্লাছ হয় । তেনেক্ষেত্ৰত জানুৱাৰী বা‌ ফেব্ৰুৱাৰীত ভালকৈ পৰীক্ষা পাতিব পাৰিলেহেতেন।
যোৱাবাৰ ক’ৰ’ণাই বিশ্ববিদ্যালয়ক অনলাইন পৰীক্ষা পতাৰ বাবে বাধ্য কৰালে । কেইজনমানৰ বাহিৰে প্ৰায় সকলোৱে অনলাইন পৰীক্ষা দিলে । অফলাইনৰ প্ৰশ্নকাকতখন স্কেন কৰি তাৰে যিকোনো ৩০ নম্বৰ উত্তৰ কৰিব দিলে । তাতকৈ দুৰ্ভাগ্য কি হ’ব পাৰে । নিৰ্ধাৰিত সময়ৰ ভিতৰত আপলোড কৰিব নোৱাৰি কলেজত দীঘলীয়া শাৰী ( ফট‌ সংলগ্ন) । তাৰ আগতে চাৰি পাঁচজনে হোটেলৰ ৰুমত বা ভাৰাঘৰত একেলগে উত্তৰ লিখিলে । ফলত ৬ বা ৭ পইণ্ট পোৱাজনে ৯.৮ বা ১০ পইণ্ট পালে আৰু ৯ পইণ্ট পাই থকাজনে তাতকৈ কম পালে । বহু মেধাৱী ছাত্ৰৰ লোকচান হ’ল ।
এইবাৰ কিতাপ চাই লিখা পৰীক্ষা । দিল্লী বিশ্ববিদ্যালয়ক অনুসৰণ কৰি সিদ্ধান্ত লোৱা বুলি মনে ধৰে । কিন্তু আগৰ দৰে সাধাৰণ প্ৰশ্নকাকত এখন দি দিলেহে চাবলগীয়া হ’ব । এবাৰ আই আই টি গুৱাহাটীৰ পি এইচ ডি পাঠ্যক্ৰমৰ পৰীক্ষা এটাত ছাৰে কেইটামান প্ৰশ্ন দি পিছদিনা জমা‌ দিব দিছিল । গোটেই ৰাতি লাইব্ৰেৰীত কিতাপ খুচৰি নাপাই নিজে বুজি পোৱাৰ পৰা লিখি জমা দিছিলোঁ । পিছত গম পাইছিলো যে সেইয়া #openbookexam আছিল।
এই পদ্ধতিক বেয়া বুলি কব নোৱাৰি । বিদেশত প্ৰায়ে এনে পৰীক্ষা হয়। আশা কৰোঁ আমাৰ বিশ্ববিদ্যালয়ে উচ্চ মানৰ প্ৰশ্ন কাকতৰে এক নতুন‌ পদ্ধতিৰ সূচনা কৰিব । #GUexam