চিত্ৰগৃহত শিলাদিত্য বৰা প্ৰযোজিত এই জিন্দেগী

PC - News18

চিত্ৰগৃহত শিলাদিত্য বৰা প্ৰযোজিত এই জিন্দেগী

ৰঙিলী বাৰ্ত্তাসেৱা-  নতুন আৰু ৰোমাঞ্চকৰ প্ৰতিভাক শক্তিশালী মঞ্চ প্ৰদান কৰি অহাৰ বাবে প্ৰখ্যাত ফিল্ম ষ্টুডিঅ’ প্লাটুন ৱান ফিল্মছে আন এখন ৰোমাঞ্চকৰ নতুন ছবি লৈ আহিছে Aye Zindagi এয়া হৈছে সমগ্ৰ ভাৰত আৰু উত্তৰ আমেৰিকাৰ ছবিগৃহত মুক্তি লাভ কৰিবলগীয়া প্ৰযোজনা প্ৰতিষ্ঠানটোৰ প্ৰথম একক প্ৰযোজনা।উল্লেখ্য যে ছবিখনৰ পোষ্টাৰ আৰু ট্ৰেইলাৰ ইতিমধ্যে ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হৈছে। ছবিৰ ট্ৰেইলাৰটোৱেই ছবিখনৰ কাহিনীভাগৰ আৱেগিক উত্থান-পতন বহন কৰিছে, যিয়ে আপোনাক নিশ্চিতভাৱে আত্মিক অনুভূতি প্ৰদান কৰিব। এক অবিশ্বাস্য অথচ সঁচা কাহিনীৰ ওপৰত আধাৰিত, আয়ে জিন্দেগীৰ কাহিনীভাগ এজন ২৬ বছৰীয়া যকৃতৰ চিৰোচিছ ৰোগী বিনয় চাওলাৰ জীৱন যাত্ৰাক অনুসৰণ কৰি আগবাঢ়ে, ৰোগীগৰাকী চিকিৎসাধীন হৈ থকা চিকিৎসালয়ৰ এগৰাকী পৰামৰ্শদাতা ৰেৱতীৰ সৈতে তেওঁৰ অসামান্য সম্পৰ্কই জীৱনৰ ওপৰত তেওঁৰ আশা আৰু বিশ্বাস পুনৰ জাগ্ৰত কৰে আৰু তেওঁক মানৱতাৰ শক্তিত বিশ্বাস ওভতাই আনে। চলচ্চিত্ৰখন বিভিন্ন কাৰণত যথেষ্ট প্ৰত্যাশিত হৈ পৰিছে, সেইবোৰৰ ভিতৰত অন্যতম হৈছে দাক্ষিণাত্যৰ যশস্বী অভিনেত্ৰী আৰু ৩ বাৰকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ৰেৱতীৰ মুখ্য চৰিত্ৰত হিন্দী চলচ্চিত্ৰলৈ প্ৰত্যাৱৰ্তন। চলচ্চিত্ৰখনত অনবদ্য অভিনয় কৰিছে সত্যজিৎ ডুবে (মুম্বাই ডায়েৰিজ খ্যাত), মৃন্ময়ী গডবোলে (জনপ্ৰিয় মাৰাঠী চলচ্চিত্ৰ চি ভা চি ছৌ কা), হেমন্ত খেৰ (প্ৰবীণ গুজৰাটী অভিনেতা, SCAM 1992 খ্যাত), শ্ৰীকান্ত বাৰ্মা, ছাৱন টংক, মুস্কান আগৰৱালা আৰু প্ৰাঞ্জল ত্ৰিবেদীয়ে। চিত্ৰনাট্য আৰু পৰিচালনা ডাঃ অনিৰ্বাণ বসুৰ। পৰিচালকগৰাকী ইতিমধ্যেই তেওঁৰ উপন্যাস ‘বম্বে ৰেইনছ, বম্বে গাৰ্লছ’, ‘মাইচ ইন মেন’ আৰু ‘দ্য ডেথ অফ মিতালী দত্তো’ৰ বাবে যথেষ্ট সমাদৃত। এগৰাকী চিকিৎসক হোৱাৰ লগতে লেখক-পৰিচালক হোৱালৈ এই অনবদ্য যাত্ৰাৰ বিষয়ে অনিৰ্বানে এনেদৰে কয়, “আয়ে জিন্দেগী মই সাধাৰণতে কৰা কামৰ তুলনাত যথেষ্ট পৃথক। মই এজন চিকিৎসক গতিকে মই ৰোগীসকলৰ যত্ন লওঁ আৰু মই চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীসকলক শিকাওঁ। মই অবিশ্বাস্যভাৱে উৎসাহিত আৰু উদ্বিগ্ন হৈ আছো এই চিনেমাখনক লৈ, আৰু মই আশা কৰো যে দৰ্শকে কাহিনীটোৰ মাজৰ সৌন্দৰ্য উপভোগ কৰিব।” তেওঁ লগতে কয়, “মই জানিছিলো যে এইটো এনে এক কাহিনী, যিটো ৰাইজক কোৱাৰ প্ৰয়োজন আছিল, ই ইমান ধুনীয়া, ইমান নাটকীয় যে ইয়াৰ কাহিনীয়ে আপোনাৰ জীৱনটোক সঁচাকৈয়ে কল্পকাহিনীতকৈ পৃথক বুলি ভাবিবলৈ বাধ্য কৰিব! অভিনেতাসকলে ছবিখনত অনবদ্য কাম কৰিছে, লগতে প্ৰযোজনা দলটোৰ পৰা যথেষ্ট সমৰ্থন পাইছো। আমাক এতিয়া মাত্ৰ এটাই প্ৰয়োজন – দৰ্শকসকলে ছবিগৃহলৈ আহি ছবিখন চাব লাগে আৰু অনুভৱ কৰিব লাগে যে এয়া কি এক আশ্চৰ্যকৰ কাহিনী।”

আয়ে জিন্দেগীত বিনয়ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ এক বৃহৎ শাৰীৰিক পৰিৱৰ্তন আনিছে সত্যজিৎ ডুবেই। বিনয় নামৰ যকৃতৰ চিৰোচিছত ভুগি থকা যুৱ ৰোগীৰ চৰিত্ৰত এনেদৰে অভিনয় কৰাটো নিসন্দেহে অতি জটিল কাম আছিল। এই চৰিত্ৰৰ বাবে বাটচনি কৰাত কৃতজ্ঞতা জনাই সত্যজিতে কয়, “এই চলচ্চিত্ৰখন এনে এক যাত্ৰা, যিয়ে মোক সম্পূৰ্ণ হোৱাৰ পিছত অপৰিসীম আনন্দ প্ৰদান কৰিছে, এতিয়ালৈকে মোৰ জীৱনৰ এয়া শ্ৰেষ্ঠতম। এয়া হৈছে প্ৰতিজন শিল্পীয়ে, অভিনেতাই বিচৰা ধৰণৰ কাম। যি কামে মোক শাৰীৰিক আৰু আৱেগিকভাৱে জোকাৰি গৈছিল, একে সময়তে আবেগিকো কৰিছিল আৰু আনন্দিতও কৰিছিল।”তেওঁ লগতে কয়, “চলচ্চিত্ৰ হৈছে মনোৰঞ্জনৰ মাধ্যম, কিন্তু কিছুমান চলচ্চিত্ৰ, কিছুমান কাহিনী ইয়াৰ বাহিৰলৈ গুচি যায়, ই আপোনাক এনেদৰে প্ৰেৰিত কৰে যে ই আপোনাৰ ভিতৰত নতুন দৃষ্টিভংগীৰ দুৱাৰ মুকলি কৰে, যাৰ জীৱন সলনি কৰাৰ ক্ষমতা আছে, সেয়াই হৈছে আয়ে জিন্দেগী।” পিকাচো আৰু ইয়ৰ্ছ ট্ৰুলীৰ দৰে প্ৰশংসিত চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ পিছত, প্লাটুন ৱান ফিল্মছৰ প্ৰতিষ্ঠাপক শিলাদিত্য বৰাই ছবিগৃহলৈ অহা তেওঁৰ প্ৰথম ঘৰুৱা প্ৰযোজনাক লৈ অতি আনন্দিত। তেওঁ কয়, “মই অনিৰ্বাণক প্ৰায় ১৫ বছৰ ধৰি চিনি পাওঁ, যেতিয়া মই প্ৰথমবাৰৰ বাবে তেওঁৰ অনুপম উপন্যাস বম্বে ৰেইনছ, বম্বে গাৰ্লছ এগৰাকী ছাত্ৰ হিচাপে পঢ়িছিলো আৰু তেতিয়াই তেওঁক অভিনন্দন জনাবলৈ গৈছিলো। বিগত বছৰবোৰত, আমাৰ বন্ধুত্ব এই সুন্দৰ সহযোগিতালৈ পৰ্যবসিত হৈছে আৰু মই বিশ্ববাসীৰ সমূখত তেওঁৰ প্ৰতিভা চাবলৈ উদগ্ৰীব হৈ আছো। মোৰ এতিয়াও মনত আছে, যেতিয়া অনিৰ্বাণে মোক আৰু মোৰ পত্নীক ৰাতিৰ আহাৰত তেওঁৰ এজন ৰোগীৰ এক অবিশ্বাস্য অথচ সঁচা কাহিনী এটা কৈছিল, আৰু আমি সকলোৱে মুক হৈ পৰিছিলো। আপোনাৰ জীৱনকালত এবাৰ আপুনি এটা কাহিনী শুনিব আৰু আপুনি নিজকে ভাবিব, বাহ, এইটো কাহিনীৰে এখন চলচ্চিত্ৰ হ’ব লাগে! এয়াই হৈছে এই কাহিনীটোৰ শক্তি, আৰু ইয়াক জীয়াই থকা ব্যক্তিজনতকৈ ইয়াক কোৱাৰ বাবে আন কোনো উপযুক্ত নহয়।” তেওঁ লগতে কয়, “আমি এই চলচ্চিত্ৰখন চিকিৎসা সমুদায়টোৰ বাবে এক চেলেঞ্জ হিচাপে নিৰ্মাণ কৰিছো, যিটো মহামাৰীৰ বছৰৰ পিছত আৰু অধিক প্ৰাসংগিক।” পৰিচালক অনিৰ্বাণে এক আবেগিক দিশ প্ৰকাশ কৰি কয়, “এইখন এখন অতি পৰিয়াল-অনুকূল ছবি যিয়ে মানৱজাতিয়ে আগবঢ়োৱা সৰ্বশ্ৰেষ্ঠ নিদৰ্শন দেখুৱাইছে। যোৱা দুবছৰৰ কঠিন সময়ৰ পিছত, আমি সকলোকে আয়ে জিন্দেগীৰ দৰে এক ইতিবাচক, ভাল অনুভৱৰ চলচ্চিত্ৰ বিচাৰিছিলো, যি হৈছে এনে এক জীৱনৰ প্ৰকৃত সৌন্দৰ্যৰ প্ৰমাণ য’ত মানুহে ইজনে সিজনৰ সৈতে সহানুভূতিশীল হ’ব পাৰে। ইফালে অভিনেত্ৰী মৃন্ময়ী গডবোলে ছবিখন সন্দৰ্ভত এইদৰে কয়, “আয়ে জিন্দেগী হৈছে আশা, প্ৰেম আৰু আৰোগ্যৰ এক মনোৰম কাহিনী। ইয়াত এক অতি উষ্ম অনুভৱ আছে, দৰ্শকে প্ৰতিটো চৰিত্ৰৰ সৈতে নিজকে জড়িত কৰিব পাৰিব। মই এই ছবিখনত এগৰাকী মালায়ালম নাৰ্ছৰ চৰিত্ৰত অভিনয় কৰিছো, যিটো মোৰ বাবে এক নতুন আৰু প্ৰত্যাহ্বানমূলক চৰিত্ৰ আছিল। এই ছবিখনৰ অন্যান্য কলাকুশলীৰ সৈতে কাম কৰাটো এটা আশ্চৰ্যকৰ অভিজ্ঞতা আছিল আৰু মই ছবিগৃহত মুক্তি পাবলগীয়া ছবিখনক লৈ বহুত উৎসাহিত। আন এগৰাকী অভিনেতা হেমন্ত খেৰে ছবিখন সন্দৰ্ভত এইদৰে কয়: “আয়ে জিন্দেগী হৈছে জীৱন বিষয়ক এক চলচ্চিত্ৰ, যিহেতু শিৰোনামটোৱে সেয়াই সূচায়। কিন্তু তাতকৈ শক্তিশালী দিশটো হৈছে মানৱীয় মূল্যবোধৰ বিষয়ে কথা কৈছে ছবিখনে, আৰু সেয়েহে মই অনুভৱ কৰোঁ যে কাহিনীটোৱে নিশ্চিতভাৱে দৰ্শকৰ সৈতে সংযোগ স্থাপন কৰিব। মই এজন মানৱতাবাদী চিকিৎসকৰ চৰিত্ৰত অভিনয় কৰিছোঁ, যিয়ে নিজৰ জীৱনতকৈ সেৱাটোক অধিক গুৰুত্ব দিয়ে। আমাৰ সকলোকে আমাৰ জীৱনত শ্ৰীযুত কাপুৰৰ দৰে এজন চিকিৎসকৰ প্ৰয়োজন। তেওঁ কেৱল এজন পেছাদাৰী হিচাপে নহয়, বৰঞ্চ এজন মানুহ হিচাপে আনক সহায় কৰিবলৈ তেওঁৰ কৰ্তব্যৰ বাহিৰতো নিজক উপস্থাপন কৰিছে। মই নিশ্চিত যে এই চলচ্চিত্ৰখনে নিশ্চিতভাৱে মানুহৰ হৃদয়ত স্থান পাব!” উল্লেখ্য যে আয়ে জিন্দেগী অহা ১৪ অক্টোবৰত সমগ্ৰ ভাৰত আৰু উত্তৰ আমেৰিকাৰ ছবিগৃহত মুক্তি পায়৷পৰিচালকৰ বিষয়ে: অনিৰ্বাণ বসু পেছাত এজন চিকিৎসক (নিউয়ৰ্কৰ ৰচেষ্টাৰ বিশ্ববিদ্যালয়)। তেওঁৰ পেছাদাৰী জীৱনত, অনিৰ্বাণে অংগ সংৰোপণ কৰা ৰোগীসকলৰ সৈতে কাম কৰে আৰু এজন যুৱকৰ এই অবিশ্বাস্য কাহিনীটো তাতেই পাইছিল, যাক জীয়াই থাকিবলৈ যকৃত সংৰোপণৰ প্ৰয়োজন আছিল। কিন্তু তেওঁ যিহেতু তাৰ বাবে প্ৰয়োজনীয় খৰচ বহন কৰিব নোৱাৰিছিল, তেওঁক তেওঁৰ কাম এৰি ঘৰত তেওঁৰ বাকী থকা দিনবোৰ জীয়াই থাকিবলৈ কোৱা হৈছিল। অনিৰ্বাণে যুৱকজনৰ জীয়াই থকাৰ সংগ্ৰাম আৰু স্বাস্থ্যলৈ তেওঁৰ অবিশ্বাস্য যাত্ৰা কঢ়িয়াই আনিছে। অনিৰ্বাণ এজন লেখকো, যিয়ে ‘বোম্বে ৰেইনছ, বম্বে গাৰ্লছ’, ‘মাইচ ইন মেন’ আৰু ‘দ্য ডেথ অফ মিতালী দত্ত আদি গ্ৰন্থ লিখিছে। আয়ে জিন্দেগী’ হৈছে অনিৰ্বাণ বসুৰ পৰিচালিত প্ৰথম ছবি। প্লাটুন ৱানৰ বিষয়ে: প্লাটুন ৱান ফিল্মছ হৈছে চিনেমাৰ কলা, শিল্প আৰু ব্যৱসায়ৰ এক প্ৰতিষ্ঠান। এয়া এক বুটিক ফিল্ম ষ্টুডিঅ’ আৰু চলচ্চিত্ৰ ব্যৱসায়ৰ বাবে টাৰ্ণ-কী সমাধান প্ৰদানকাৰী যাৰ মুখ্য গুৰুত্ব হৈছে প্ৰযোজনা, বিপণন, বিতৰণ আৰু চিণ্ডিকেচন। আমি বিশ্বাস কৰোঁ যে গুণগত মানদণ্ডৰ সমল বিৰক্তিকৰ, দুৰ্গম বা সীমাবদ্ধ হোৱাৰ প্ৰয়োজন নাই। আৰু সেয়েহে আমাৰ বিশেষজ্ঞ দলে এটা উমৈহতীয়া লক্ষ্যৰ দিশে আগবাঢ়িছে – এক অৰ্থপূৰ্ণ আৰু লাভজনক উপায়েৰে অত্যাধুনিক চলচ্চিত্ৰক বিশ্বব্যাপী দৰ্শকৰ ওচৰলৈ যোৱাত সহায় কৰিছে। আমাৰ বৰ্তমানৰ প্ৰকল্পবোৰৰ ভিতৰত আছে চাবা আজাদ, গীতাঞ্জলি কুলকাৰ্ণী আৰু নমিত দাস অভিনীত ‘‘মিনিমাম’, বিনয় পাঠক, মাচুমেহ মাখিজা, আৰু মনু ঋষি চাধা অভিনীত ‘ভগৱান ভৰোচে’, আৰু ললিত প্ৰভাকৰ আৰু মৃণ্ময়ী গডবোলে অভিনীত ‘তো তি আনি ফুজি’।