চিচিআই ৰ দ্বাৰা ভাৰতৰ আটাইতকৈ বৃহত্ কাৰ নিৰ্মাতা মাৰুতি চুজুকিক ২০০ কোটি টকাৰ  জৰিমনা

Pc- Mint

চিচিআই ৰ দ্বাৰা ভাৰতৰ আটাইতকৈ বৃহত্ কাৰ নিৰ্মাতা মাৰুতি চুজুকিক ২০০ কোটি টকাৰ  জৰিমনা

অনলাইন বাৰ্ত্তাসেৱা-  ভাৰতীয় প্ৰতিযোগিতা আয়োগে প্ৰতিযোগিতা বিৰোধী অনুশীলনৰ বাবে ভাৰতৰ সৰ্ববৃহৎ কাৰ নিৰ্মাতা মাৰুতি চুজুকি ইণ্ডিয়া লিমিটেডৰ (এমএছআইএল) ওপৰত ২০০কোটি টকাৰ জৰিমনা আৰোপ কৰিছে। চিচিআইয়ে কৈছিল যে এমএছআইএলয়ে ইয়াৰ ডিলাৰসকলক এমএছআইএলৰ দ্বাৰা নিৰ্ধাৰিত ৰেহাইৰ বাহিৰেও গ্ৰাহকসকলক ৰেহাই দিয়াত বাধা দিছিল। ই আনকি ব্যৱসায়ীসকলক যোগান বন্ধ কৰা আৰু অতিৰিক্ত ৰেহাই প্ৰদান কৰাৰ ওপৰত জৰিমনা সংগ্ৰহ কৰাৰ দৰে কঠোৰ পদক্ষেপ লোৱাৰ ভাবুকি দিছিল বুলিও জানিব পৰা গৈছে।

(UD)