চিকিৎসালয়ত নিয়োজিত অস্থায়ী কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ দাবী সদৌ অসম চৰকাৰী চিকিৎসালয় অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সন্থাৰ

চিকিৎসালয়ত নিয়োজিত অস্থায়ী কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ দাবী সদৌ অসম চৰকাৰী চিকিৎসালয় অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সন্থাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ চৰকাৰী চিকিৎসালয়ত নিয়োজিত প্ৰায় ৪০০০ অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি অতি শীঘ্ৰেই নিয়মীয়াকৰণৰ দাবী জনাইছে সদৌ অসম চৰকাৰী চিকিৎসালয় অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সন্থাই৷ সংগঠনটোৱে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা সংবাদ মেলত সন্থাৰ সম্পাদক বাবুল দাসে কয়-অসমৰ প্ৰতিখন জিলাৰ চৰকাৰী চিকিৎসালয়সমূহত চিকিৎসালয় পৰিচালনা সমিতিৰ দ্বাৰা নিযুক্তিপ্ৰাপ্ত হৈ বছৰ বছৰ ধৰি অতি নগন্য পাৰিতোষিক লৈ জনসাধাৰণৰ স্বাস্থ্য সেৱাৰ্থে কৰ্মৰত হৈ আছে৷ৰাজ্যৰ প্ৰতিখন চিকিৎসালয়তে অস্থায়ীভাৱে মকৰল হৈ অতি জৰুৰীকালীন এম্বুলেন্স সেৱাৰ চালক,ৱাৰ্ডবয়,ড্ৰেচাৰ,ৰিচিপ্টশ্যনিষ্ট,চকীদাৰ,পিয়ন,চাফাইকৰ্মী আদি বিভিন্ন কামত নিয়োজিত হৈ আছে৷কৰ্মীসকলে অতি নিম্ন মানৰ পাৰিশ্ৰমিকত চিকিৎসালয়ৰ অন্যান্য চৰকাৰী স্বাস্থ্যকৰ্মীৰ সমানে সমানেই দিনে নিশাই নিজ নিজ কৰ্তব্যত ব্ৰতী হৈ আছে৷যিকোনো পৰিস্থিতিৰ লগতে সমগ্ৰ বিশ্বতে দেখা দিয়া কৰ’না মহামাৰীৰ কালতো কৰ্মীসকলে নিম্ন সা-সুবিধাৰে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ৰাইজৰ স্বাস্থ্য সেৱাত নিজকে নিয়োজিত হৈ আছে৷এই জটিল সময়ৰ লগতে এক অনাকাংশিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসালয় পৰিচালনা সমিতিয়ে প্ৰদান কৰা অতি নূন্যতম পাৰিশ্ৰমিক ১০০০-৪০০০টকাৰে প্ৰায় ২০-২৫ বছৰ ধৰি কাম কৰি পৰিয়ালৰ ভৰণ পোষণ দিয়াটো অসম্ভৱ হৈ পৰিছে৷চৰকাৰী চিকিৎসালয়ত থকা ৬০০ এম্বুলেন্সৰ প্ৰায় ১০০ এম্বুলেন্স পৰিত্যক্ত অৱস্থাত পৰি আছে৷যি কেইখন চলি আছে তাৰ বেছি সংখ্যকৰ অৱস্থা তথৈবচ৷যাৰ বাবে প্ৰায়ে চালকসকলে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷সংবাদ মেলত দাবী জনায় কয় ৰাজ্যৰ অন্যান্য চৰকাৰী চিকিৎসাকৰ্মীয়ে লাভ কৰা সম সুবিধা প্ৰদান কৰা,ক’ভিড পৰিস্থিতিত অস্থায়ী স্বাস্থ্যকৰ্মী সকলকো স্বাস্থ্যবীমাৰ আওতালৈ আনি সুনিশ্চিত নিৰাপত্তা প্ৰদান কৰা,অস্থায়ী কৰ্মচাৰীৰ স্বাস্থ্যবীমা,পৰিয়ালবীমা,ইএছআইচিৰ সুবিধা প্ৰদান কৰা,অস্থায়ী কৰ্মচাৰীৰ বাবে পিএফ,ইপিএফৰ সুবিধা প্ৰদান কৰা,চৰকাৰী আবাসগৃহ সুবিধা প্ৰদান কৰা,চৰকাৰী এম্বুলেন্সসমূহ ৰোগীৰ সুবিধা হোৱাকৈ নতুন সা-সৰঞ্জাম দি প্ৰদান কৰিব লাগে৷অতিশীঘ্ৰে চৰকাৰে অস্থায়ী স্বাস্থ্যকৰ্মীৰ সমস্যা সমাধান নকৰিলে গণতান্ত্ৰিক আন্দোলন কৰা হ’ব বুলি সংবাদ মেলত হুংকাৰ দিয়ে৷সংবাদ মেলত সন্থাৰ সভাপতি শোভন বৰুৱা,কাৰ্যকৰী সভাপতি জিতুমণি শইকীয়া,উপ সভাপতি লৱ নাৰায়ণ অধিকাৰী আদি কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে৷