চাহাল এদিনীয়া ক্ৰিকেটত ১০০ টা উইকেট লোৱা দ্বিতীয় দ্ৰুততম ভাৰতীয় স্পিনাৰ 

pc. india Today

চাহাল এদিনীয়া ক্ৰিকেটত ১০০ টা উইকেট লোৱা দ্বিতীয় দ্ৰুততম ভাৰতীয় স্পিনাৰ 

ৰঙিলী বাৰ্ত্তাসেৱা-  টীম ইণ্ডিয়াৰ লেগ স্পিনাৰ যুজবেন্দ্ৰ চাহাল এদিনীয়া ক্ৰিকেটত ১০০ টা উইকেট দখল কৰা দ্বিতীয় দ্ৰুততম ভাৰতীয় স্পিনাৰ হিচাপে পৰিগণিত হৈছে, যিয়ে ৬০ খন মেচ লৈ ১০০ উইকেটৰ সীমা অতিক্ৰম কৰিছে। ৩১ বছৰীয়া খেলুৱৈগৰাকীয়ে আহমেদাবাদত অনুষ্ঠিত প্ৰথমখন এদিনীয়া খেলত ৱেষ্ট ইণ্ডিজৰ নিকোলাছ পুৰাণক আউট কৰি ১০০ তম এদিনীয়া উইকেট লাভ কৰে। কুলদীপ যাদৱ হৈছে ১০০টা উইকেট সম্পূৰ্ণ কৰা দ্ৰুততম ভাৰতীয় স্পিনাৰ। কুলদীপে ৫৮খন মেচত ১০০টা উইকেট দখল কৰিছিল।