চামগুৰি ৰাজহ চক্ৰত  ১৪,৯০৯ জন লোকৰ মিছন বসুন্ধৰাত আবেদন

Pc Facebook

চামগুৰি ৰাজহ চক্ৰত  ১৪,৯০৯ জন লোকৰ মিছন বসুন্ধৰাত আবেদন

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যখনৰ জনসাধাৰণৰ বিভিন্ন সমস্যা দূৰ কৰিবলৈ ৰাজ্য চৰকাৰে আৰম্ভ কৰা মিছন বসুন্ধৰা আঁচনিখনত নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰত  ১৪,৯০৯ জন লোকে আবেদন কৰিছে। যোৱা ৩০ নৱেম্বৰত আবেদনৰ সময়সীমালৈকে চামগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ নগাঁও সদৰ মহকুমা অংশৰ উত্তৰাধিকাৰী সূত্রে নামজাৰিৰ বাবে আবেদন কৰে ৪,৮৫৪জন লোকে আৰু কলিয়াবৰ মহকুমা অংশৰ ৩,৫৭৫জনে আবেদন কৰে।পঞ্জীয়কৰ কাৰ্যালয়ত মাটি-বাৰী ক্ৰয় কৰা নগাঁও সদৰ অংশৰ ৫৪৩জনে আৰু কলিয়াবৰ মহকুমা অংশৰ ১,৫১১জন লোকে আবেদন কৰে। বিবাহবিহীন বাটোৱাৰাৰ বাবে সদৰ মহকুমা অংশৰ এহেজাৰ ৬৫জনে আৰু কলিয়াবৰ মহকুমা অংশৰ ৬৪১ জনে আবেদন কৰে। নাম শুধৰণি কৰিবলৈ সদৰ মহকুমাৰ অংশৰ ২৯৩জনে, মাটিকালি শুধৰণিৰ বাবে ১২জনে আৰু কলিয়াবৰ মহকুমা অংশৰ ৫৪২জনে আবেদন কৰে।