চান্দমাৰীস্থিত অসম গ্ৰন্থ মেলাত হোমেন বৰগোহাঞিৰ সভাঘৰত ৰেখা প্ৰকাশৰ উদ্যোগত চাৰিখন কৈ বিশেষ গ্ৰন্থ উন্মোচন

চান্দমাৰীস্থিত অসম গ্ৰন্থ মেলাত হোমেন বৰগোহাঞিৰ সভাঘৰত ৰেখা প্ৰকাশৰ উদ্যোগত চাৰিখন কৈ বিশেষ গ্ৰন্থ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  ২ জানুৱাৰী তাৰিখে চান্দমাৰীস্থিত অসম গ্ৰন্থ মেলাত হোমেন বৰগোহাঞিৰ সভাঘৰত ৰেখা প্ৰকাশৰ উদ্যোগত চাৰিখন কৈ বিশেষ গ্ৰন্থ উন্মোচন কৰা হয় । গ্ৰন্থকেইখনে ক্ৰমে ডঃ সুনীল কুমাৰ গৌস্বামীৰ “শ্ৰী ৰাম কথামৃত” , ডঃ নিৰঞ্জণ কলিতা আৰু পম্পী হাজংৰ “অসমৰ বৰ্ণাঢ্য গোষ্ঠীজীৱন” , আৰু ডঃ প্ৰফুল্ল কুমাৰ নাথৰ ” অসমীয়া উপন্যাসৰ ধাৰা , “নিৰ্বাচিত অসমীয়া উপন্যাস”, অসমীয়া শিশু সাহিত্য । এই বিশেষ গ্ৰন্থকেইখনে উন্মোচন কৰে বিশিষ্ট সাহিত্যিক চিন্তাবিদ, লেখক ,সমাজ সংগঠক ময়ূৰ বৰা , বিশিষ্ট শিক্ষাবিদ ডঃ দয়ানন্দ পাঠক , বিশিষ্ট চিকিৎসক তথা বিশিষ্ট সংগীতজ্ঞ ডাঃ হিতেশ বৰুৱা, বিশিষ্ট শিক্ষাবিদ, গৱেষক আৰু অসম লোকসেৱা আয়োগৰ সন্মানীয় সদস্য ডঃ নিৰঞ্জন কলিতা, অধ্যাপক গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডঃ প্ৰফুল্ল কুমাৰ নাথ, বিশিষ্ট লেখক ডঃ সুনীল কুমাৰ গোস্বামী আৰু নৱপ্ৰজম্মৰ উদীয়মান লেখক ৰূপম দত্তই । অনুষ্ঠানটিৰ আৰম্ভণিতে কংকনা কলিতাই এটি গীত পৰিৱেশন কৰে ।। সভাত আন কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।শেষত পম্পী হাজঙে সভাত উপস্থিত থকা সকলোকে শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানটিৰ সামৰণি মাৰে ।।