চাকৰি বিচাৰি খালোঁ হাবাথুৰি -এছ ইছলাম

Pc The Economic Times
চাকৰি বিচাৰি খালোঁ হাবাথুৰি
                   এছ ইছলাম ,শিক্ষক
                   পঃমইনবৰী বৰপেটা
চাকৰি বিচাৰি
খালোঁ হাবাথুৰি
নিম্ন প্ৰাথমিকৰ পৰা আৰম্ভ কৰি
উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ
কৰিলোঁ বহুতো অস্থায়ী চাকৰি।
সৰ্বশিক্ষা মিছনৰ অধিনত
শিক্ষা কৰ্মী আৰু শিক্ষা সাৰথি
তিনি দহক পাৰ কৰিলোঁ
অস্থায়ী চাকৰি কৰি।
অৱশেষত পালোঁ
চৰকাৰী চাকৰি
উচ্চতৰ মাধ্যমিক বিদ্যালয়ত
দৰমহা নিৰ্ধাৰিত হাৰত
আছিলোঁ ডেকা হৈ পৰিলোঁ ককা
দাড়ি চুলি সমূলি পকা।
নিজৰ পেট পুৰাম
নে পৰিবাৰৰ
নাতি ল’ৰাক কি বুলি ক’ম
ক’ৰ পৰা পইচা দিম
এনেবোৰ এশ এবুৰি সমস্যা
কেনেকৈ সমাধা কৰিম?
বিধিৰ বিধান নাযায় খণ্ডন
কপালত আছিল যি
পালোঁ মাথো সি
আনক দোষ দি হ’ব কি?