চাইকেল আৰু যমদূত- স্মৃতি ৰোমন্থন: অভিজিত দত্ত

চাইকেল আৰু যমদূত

স্মৃতি ৰোমন্থন: অভিজিত দত্ত

সেইয়া ১৯৯১ চনমান হব। গুৱাহাটীৰ অনাতাৰ কেন্দ্ৰত ‘সংস্কৃত শিক্ষাৰ পাঠ’ নামৰ অনুষ্ঠানটিত অংশগ্ৰহণ কৰি ৫৪০ টকা পালোঁ। দেউতাৰ পৰা টকা চাৰিশমান লৈ মই চাইকেল এখন কিনিলো। চাইকেলখন আছিল ‘এভ’ন’ চাইকেল। আপেক্ষিকভাবে অকণমান চাপৰ চাইকেলখন মোৰ বৰ মৰমৰ আছিল।

চাইকেলখন পাই মোৰ যেন গাত দুখন ডেউকা গজি উঠিল। আমাৰ ঘৰৰ পৰা বিদ্যালয়লৈ ৰিং এটিৰ বাট। মাজতে আছে গুৱাহাটী-শ্বিলং পথ। পথটো পাৰ হৈ চাইকলখন লৈ বিদ্যালয়লৈ যাবলৈ ঘৰৰ পৰা বাৰণ কৰা হৈছে। আমাৰ ঘৰৰ আনফালে ৰূপনগৰৰ ফালে পথটো আগুৱাই গৈছে। সেইফালে সেইসময়ত গাড়ী-মটৰৰ প্ৰভাৱ কম। ৰূপনগৰতেই আমাৰ বৰদেউতা থাকে। তেওঁ আমাক বৰ মৰম কৰে। সদায় দেওবাৰে বৰদেউতাৰ ঘৰলৈ গৈ দুপৰীয়াৰ ভাতসাজ খাওঁ। আমি থকা ঠাই অৰ্থাৎ বৰা চাৰ্ভিচৰ হৰবালা পথৰ পৰা ৰূপনগৰৰ প্ৰগতি পথত থকা বৰদেউতাৰ ঘৰলৈ ৰিক্সাত যাবলৈ আমাক দহ মিনিটমান সময় লাগে। এই যে বৰদেউতাৰ কথা কলোঁ, তেওঁ আকৌ বৰ খঙাল। মানুহজনৰ খোজটোও পোন। খোজ কঢ়াৰ সময়ত তেওঁ অকল আগলৈ চাই খোজ কাঢ়ে।

বৰদেউতাক মই যথেষ্ট ভাল পাওঁ, সন্মান কৰোঁ। পিছে একেসময়তেই তেওঁক মই দেউতাতকৈও ভয় কৰোঁ। একে সময়তেই দেউতা আৰু বৰদেউতাৰ মিল দেখি মই অভিভূত হৈ পৰো। এবাৰ মই, ভাইটি আৰু দেউতা পেহীৰ ঘৰ ওলালোগৈ। পেহীৰ ঘৰত কিবা উৎসৱৰ আয়োজন। সময়ত বৰদেউতাও ওলালগৈ। আমি আচলতে দেউতাৰ বায়েকসকলকো পেহী বুলিয়েই মাতিছিলো। এসময়ত আমাৰ খোৱা-বোৱা হ’ল। জাপৰিগোগৰ কাষৰ নয়নপুৰত আমাৰ পেহী থাকে। তাৰপৰা গণেশগুৰীলৈ আমি ৰিক্সাৰে আহি বাছত উঠোঁ। সিদিনা বৰদেউতাই ভাইটি আৰু মোক এখন ৰিক্সাত উঠাই দি নিজে আন এখন ৰিক্সাত দেউতাৰ সতে উঠিল। আমাৰ ৰিক্সাখন আগতে আহি গণেশগুৰী পালেহি। অলপ পিছতে দেউতা আৰু বৰদেউতা আহি পালে। দেউতাই ৰিক্সা দুখনক ভাড়া দিবলৈ ওলাল। বৰদেউতাই দেউতাক কলে,

“ৰহ, তই কিয় দিবি? মই দিম।”

দুয়োৰে সম্পৰ্কটো দেখি সিদিনা মোৰ মনটো ভৰি পৰিল।

আকৌ চাইকেলৰ ঘটনাটোলৈ আহোঁ। সিদিনা মুনিচুনি বেলিৰ পোহৰে গাত যেন আবিৰ সানিছে। লগৰ দুটামানৰ সতে চাইকেল চলাই নৰকাসুৰ পাহাৰলৈ গৈছোঁ। আমি পাহাৰ বগাইছো। মেডিকেল কলেজলৈ উঠি যোৱা পথটোৰ গাতে লাগি থকা সুৰংগটোৰ চেঁচা বতাহখিনি গাত সামৰি লৈ সুৰংগটোৰ মুখত অলপ সময়ৰ বাবে ভাবুক হৈ পৰিছোঁ। অলপ সময়ৰ বাবে ভাবিছোঁ,

সুৰংগটোৰ ভিতৰছোৱা বা কেনেকুৱা? কি ঠিক? হয়তো কোনোবা ৰাজপুত্ৰই সেই সুৰংগটোৰেই কোনোবা ৰাজনন্দিনীৰ হাতত ধৰি—- (ধৰক এইয়া এটা গল্পৰ আৰম্ভণি)

এসময়ত আমি ঘৰলৈ ঘূৰি আহিলোঁ। মোৰ পিছে ঘৰলৈ যোৱাৰ আগতে আকৌ এবাৰ চাইকেল চলাবলৈ মন গ’ল। হাজাৰ হওক নতুন চাইকেল।

মই চাইকেলৰ গতিবেগ বঢ়াই দিলোঁ। এইয়া গধূলি পৰত মই যেন বতাহৰ সতে আগবাঢ়িছো। মই ৰোমাঞ্চিত হৈ পৰিছোঁ। গাটো মোৰ পাতল পাতল লাগিছে। সৌৱা অলপ দূৰত হৰিজনসকল বাস কৰা কলনি এটা আছে। এইয়া মই গৈ কলনিৰ ওচৰ পাইছোহি।

হঠাৎ মোৰ চকুত যমদূতটোৱে দেখা দিলে।

সেইয়া এখন ট্ৰাক। আগৰফালৰ মাত্ৰ এটা লাইট জ্বলাই গাড়ীখন আহি আছিল। কিবা কাৰণত মই গাড়ীখন মন কৰা নাছিলোঁ। গাড়ীখনৰ বাওঁফালে থকা লাইটটো বন্ধ হৈ আছিল। মই একেবাৰে গাড়ীখনৰ সন্মুখত।

মই চকুদুটা মুদি দিলোঁ। সেই সময়ত যেন মৃত্যুৰ পৰশ পাই মই অচেতন হৈ পৰিলোঁ।

অলপ সময়ৰ পিছতেই মই চকুদুটা মেলি চালোঁ। মই পথটোৰ কাষতেই পৰি আছোঁ। আচৰিত ভাবে মোৰ একো ক্ষতি হোৱা নাই। পথটো প্ৰায় জনশূন্য। মোক কোনেও দেখা নাই।

সেই সময়তেই বৰদেউতা পাৰ হৈ গ’ল। আগৰ ফাললৈ চাই তেওঁ খোজ কাঢ়ি আছে। মই পৰি থকাৰ পৰাই অলপমান চুচৰি কাষলৈ গলোঁ। বৰদেউতাই মোক দেখা নাপালে।

কথাটো কোনেও গম নাপালে। হঠাৎ বৰদেউতালৈ মনত পৰিল। ঘটনাটোও।

তাকেই লিখি থলোঁ।

মোৰ চাইকেলখন হেৰাল।