চলিত বৰ্ষৰ মেডিকেল কলেজৰ নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষাৰ দিন ঘোষণা

pc Safalta Talks

অনলাইন বাৰ্ত্তাসেৱা – কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে সোমবাৰে ঘোষণা কৰিছে প্ৰৱেশ পৰীক্ষাৰ বিষয়ে। ২০২১ বৰ্ষৰ প্ৰৱেশ পৰীক্ষা (নীট) এইবাৰ অনুষ্ঠিত হ’ব আগন্তুক ১২ ছেপ্তেম্বৰত। এই পৰীক্ষাৰ বাবে আৱেদন প্ৰক্ৰিয়া আৰম্ভ হ’ব ১৩ জুলাইৰ পৰা। কোভিড সংক্ৰমণৰ বাবে এইবাৰ বৃদ্ধি কৰা হৈছে পৰীক্ষা অনুষ্ঠিত হোৱা চহৰৰ সংখ্যা। পূৰ্বে এই পৰীক্ষা অনুষ্ঠি হৈছিল মুঠ ১৫৫ খন চহৰত। এইবাৰ এই পৰীক্ষা অনুষ্ঠিত হ’ব ১৯৮ খন চহৰত। একেদৰে বৃদ্ধি কৰা হ’ব পৰীক্ষা কেন্দ্ৰৰ সংখ্যাও। পৰীক্ষা অনুষ্ঠিত হ’ব অফলাইন মাধ্যমেৰে। শিক্ষাৰ্থীসকলে ntaneet.nic.in ৱেবছাইটৰ জৰিয়তে পৰীক্ষাৰ বাবে আবেদন কৰিব পাৰিব।

(By UK.)