চন্দ্ৰপুৰত আৱৰ্জনা পেলোৱাৰ সিদ্ধান্ত সাময়িকভাৱে বাতিল

pc The Sentinel Assam

চন্দ্ৰপুৰত আৱৰ্জনা পেলোৱাৰ সিদ্ধান্ত সাময়িকভাৱে বাতিল

অনলাইন বাৰ্ত্তাসেৱা – চন্দ্ৰপুৰত গুৱাহাটী পৌৰ নিগমে আৱৰ্জনা পেলোৱাৰ লগতে ডাম্পিং গ্ৰাউণ্ডৰ বিৰুদ্ধে যোৱা ২৬ জুনৰ পৰা ধাৰাবাহিকভাৱে অব্যাহত আছে প্ৰবল প্ৰতিবাদ। ঘাইপথ অৱৰোধ, ৰেলপথ অৱৰোধ, ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও আদি বিভিন্ন কাৰ্যসূচী গণতান্ত্ৰিকভাৱে ৰূপায়ণ কৰি আহিছিল যদিও চৰকাৰ তথা পৌৰ নিগমে কোনো গুৰুত্ব প্রদান নকৰি আৱৰ্জনা পেলোৱা কাৰ্য অব্যাহত ৰাখিছিল৷ ইয়াকে লৈ যোৱা ডেৰ মাহে চন্দ্ৰপুৰত বিৰাজ কৰিছিল উত্তেজনা ৷ এই উত্তেজনাৰ মাজতে গুৱাহাটী নগৰ উন্নয়ন মন্ত্রী অশোক সিংঘালে সংবাদমাধ্যমৰ আগত ডাম্পিং গ্রাউণ্ড সম্পর্কে কেতবোৰ মন্তব্য প্রকাশ কৰে৷ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে পূৰ্বৰ চৰকাৰে চন্দ্ৰপুৰস্থিত এ.পি.জি.চি.এল. কৰ্তৃপক্ষৰ লগত এক চুক্তি মৰ্মে চন্দ্ৰপুৰ ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ সিদ্ধান্ত লৈছিল আৰু সেই হিচাপেই ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে বৰাগাঁৱত থকা ডাম্পিং গ্রাউণ্ডত জাবৰ পেলোৱা বন্ধ কৰিবলৈ নির্দেশ প্রদান কৰাৰ পাছতেই পৌৰ নিগমে চন্দ্ৰপুৰত পেলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু চন্দ্ৰপুৰত আৱৰ্জনা পেলোৱা আৰম্ভ কৰিছিল। সেই সিদ্ধান্ত সাময়িকভাৱেহে লোৱা বুলি উল্লেখ কৰে। কিন্তু যিহেতু যোৱা ডেৰ মাহতকৈও অধিক সময় ধৰি চন্দ্ৰপুৰত ৰাইজে ধাৰাবাহিকভাৱে ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰুদ্ধে প্রতিবাদ অব্যাহত ৰাখিছিল, ফলশ্ৰুতিত চৰকাৰে চন্দ্ৰপুৰত ডাম্পিং গ্রাউণ্ড স্থাপনৰ সিদ্ধান্ত বাতিলৰ কৰিবলৈ বাধ্য হয়। সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে চন্দ্ৰপুৰত পৌৰ নিগম অথবা চৰকাৰে ডাম্পিং গ্রাউণ্ড স্থাপনৰ সিদ্ধান্ত সাময়িকভাৱে বাতিল কৰা হৈছে আৰু গুৱাহাটীৰ জাবৰসমূহ পূৰ্বৰ বৰাগাঁৱত থকা ডাম্পিং ছাইদৰ ওচৰতে ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰা হৈছে আৰু তাতেই এতিয়াৰে পৰা জাবৰসমূহ পেলোৱা হ’ব বুলি মন্ত্রী অশোক সিংঘালে উল্লেখ কৰে।

(UD.)