ঘৰ-ৰাজশ্ৰী হালৈ কলিতা

ঘৰ

টিং-পাত , হাফ ওৱাল আৰু তৰজা বেৰাৰে বন্ধা তিনিটা কোঠাৰ ঘৰটোৰ পৰা পাচজনীয়া পৰিয়ালটোৰ হাঁহি
বতাহত ভাহিঁ আহিছে৷

এখন ধুনীয়া ল’ন, দুখন গাড়ীৰে সুশোভিত কৰি ৰখা আটকধুনীয়া ডুপলেক্সটোৰ ভিতৰত ৰাতিপুৱাৰে পৰা লাগি
থকা তিনিজনীয়া পৰিয়ালটোৰ কাজিয়াখনৰ এটা ও শব্দ বাহিৰলৈ আহিব পৰা নাই৷

কাকলিয়ে সাতবছৰীয়া পুতেক বুবুক লৈ ৰাতিপুৱাৰে পৰা এটা অাহল- বহল ডাঙৰ ভাড়াঘৰ বিচাৰি বিচাৰি
হাবাথুৰি খাইছে৷ এই মাক- পুতেক হাল ভোক আৰু পিয়াহত আতুৰ হৈ জেঠ মাহৰ ঠিক তিনিমান বজাত আহি
এইখিনি পালেহি৷ বেগ খনত কঢ়িয়াই অনা পানীৰ বটলটোত এটোপা পানী ও নাই৷ আশেপাশে থকা দোকানবোৰো
বন্ধ ৷ চেহ , কি কৰা যায় এতিয়া? কটন দোপাট্টা খনেৰে মুখৰ পৰা ডিঙিলৈ বৈ অহা ঘামৰ শাৰীবোৰ তাই মুচি
মুচি ইফালে সিফালে চাওতে কাকলিৰ তৰজা বেৰাৰ ঘৰটো চকুত পৰিল৷পিয়াহৰ পানীটুপি বিচাৰি তাই সেইফালে
যাবলৈ লওঁতেই, কাকলিয়ে অনুভৱ কৰিলে বুবুয়ে তাইক বিপৰীত দিশত টানিব ধৰিছে৷ “ মা সেইফালে চোৱাচোন,
সেই ঘৰটো ইমান ধুনীয়া, ব’লা আমি পানী খাবলৈ তাত যাওঁ, ফ্ৰিজৰ পানী দিব মা আমাক৷৷” এইবুলি বুবুয়ে মাকক
আটকধুনীয়া ঘৰটোৰ ফালে টানি লৈ গ’ল৷ কি বুলিনো মানা কৰে সেই ঘৰটোলৈ নাযাওঁ বুলি এনেকৈ ভাবি থাকোতেই
বুবুৰ টানত দুইটাই ঘৰটোৰ গেট পালেগৈ৷ মাকৰ বুজিব বাকী নাথাকিল যে তাৰ ঘৰটো ওচৰৰ পৰা চোৱাৰ
হেপাঁহটো বৰ্তমান পানীৰ পিয়াহতকৈ বেছি৷ কাকলিয়ে ও যাওঁ নাযাওঁকৈ বিভিন্ন ডিজাইন কটা প্ৰকাণ্ড গেটখন
খুলি দুইটা ভিতৰ সোমাই গ’ল৷ ভাবিলে তায়ো যে পানীটুপি বিচাৰাৰ ছেগত তাই অন্তত ইমান ধুনীয়া ঘৰটোৰ
কেম্পাচটো চাব আৰু গচকিব পালে৷

কলিংবেলটো টিপাৰ বহু সময় পিছতো কোনো সহাৰি নাপালে কাকলিয়ে৷ কিন্তু কেম্পাচটোৰ ভিতৰত সোমায়েই
গা শাত পৰি গ’ল দুইটাৰে৷ নাৰিকল গছ আৰু মোমাই তামুলী গছ কেইজোপায়ে গোটেই পৰিৱেশটো শীতল কৰি
ৰাখিছে৷ কাৰ্পেট গ্ৰাচ আৰু বিবিধ ৰকমৰ বাৰেবৰণীয়া ফুলে জীপাল কৰি ৰাখিছে ঘৰটোৰ সন্মুখভাগ৷ মুঠতে
ইমানপৰে চায়ো হেপাঁহ পলোৱা নাই পিয়াহত আতুৰ হোৱা কাকলি আৰু বুবুৰ৷ ঘৰত মানুহ নাই বুলি যাব ওলাওতেই
মাক আৰু বুবুক এজন আদবয়সীয়া মানুহে আহি হাঁহিমুখে সম্ভাসণ জনাই সুধিলে, “ মাজনী তোমালোকক আগতে
দেখা মনত নপৰে, কি সকামত বা আহিছা?” পিন্ধনত এখন লুঙী আৰু গেন্জীৰে সৈতে ইমান ডাঙৰ ঘৰটোৰ মালিক
যে ইমান সহজ সৰল হ’ব কাকলিয়ে সেইটো ভাবিব ও পৰা নাছিল৷ কাকলিয়ে কি বুলিনো ক’ব তাকে ভাবি থাকোঁতে,
বুবুয়ে ক’লে, ককা, মা আৰু মোৰ বহুত পানীৰ পিয়াহ লাগিছে , সেয়ে মাক মই আপোনাৰ এই ধুনীয়া ঘৰটোলৈ টানি
লৈ আহিছো৷” কাকলিয়ে ও মুখৰ ভংগীমাৰে বুবুৰ কথাত হয়ভৰ দিলে৷

হাঁহিমুখে মানুহজনে সিহঁত দুইটাক “ আহা মাজনী” বুলি কৈ গেটৰ বাহিৰলৈ লৈ গ’ল৷ কাকলিয়ে একো বুজিব
নোৱাৰি বুবুক হাতত ধৰি মানুহজনৰ পিছে পিছে গৈ থাকিল৷ এইটো চোন কাকলিয়ে প্ৰথমে যাব খোজা তৰজাবেৰাৰ
ঘৰটো৷ হাফ ওৱালৰে বাউণ্ডেৰি কৰা ঘৰটোৰ চৌহদখন অটি পৰিপাটি আৰু চাফা৷ বিবিধ পাচলিৰো খেতি আছে
চোতালখনতে৷ মানুহজনে ঘৰ পায়ে ভিতৰ সোমাই দুটা মুৰা আনি কাকলি আৰু বুবুক বহিবলৈ দিলে৷ অলপ পিছতে
শকত আৱত মেখেলাচাদৰ পৰিহিত উজ্জ্বল হাঁহিৰে মানুহ এগৰাকী ওলাই আহিল দুখন প্লেট আৰু দুটা গ্লাছ
হাত ট্ৰে এখনত লৈ৷ পুদিনা দি বনোৱা নেমু চৰৱত গ্লাছ যেন অমৃতহে আছিল কাকলি আৰু বুবুৰ বাবে৷ প্লেটত
থকা আম আৰু তিয়হ কেইডোখোৰ খাই বুবুৰ মুখখন যেন এতিয়াহে চাব পৰা হ’ল৷ ভিতৰৰ পৰা চৈধ্য পোন্ধৰমান
বয়সৰ ল’ৰা এজন ওলাই আহিল বল এটা লৈ আৰু সি বুবুক মাতি নিলে আমগছজোপাৰ তললৈ ব’ল খেলিবলৈ৷
তেতিয়া মানুহজনে ক’লে, “মাজনী এইটোহে মোৰ ঘৰ৷ সেইটো ঘৰলৈ মই সদায় পিছবেলা তেওঁলোকৰ ফুলনি খনত
কাম কৰিবলৈ যাওঁ৷ আগবেলা মই ঘৰত কৰা খেতিৰ শাক পাচলি বোৰ বেছিবলৈ বজাৰলৈ যাও আৰু পিছবেলা মই
এজন মালী৷ এয়া মোৰ পত্নী, সেইজন সৰু ল’ৰা, মাজৰ জনী ছোৱালী আৰু ডাঙৰ জন ল’ৰা৷ যোৱাকালিৰ পৰা ছাৰ
বাইডো হত খুব ব্যস্ত হৈ আছে৷ তুমি কলিংবেল টিপাৰ পিছতে মোক ছাৰে ফোন কৰি চাব দিলে কোন বুলি৷ সৰুতে
আয়ে কোৱা মনত পৰে যে পিয়াহত থকাজনক সদায় পানী দিব লাগে৷ ছাৰহত ব্যস্ত যিহেতু এই গৰমৰ দুপৰীয়া
মই তোমালোকক নো কেনেকৈ পিয়াহৰ পানীটুপি নিদিয়াকৈ থাকো , সেইবাবে আমাৰ ঘৰলৈ লৈ আহিলো৷”
অলপ সময় তাত জিৰণি লোৱাৰ পিছত কাকলিয়ে এই বিশাল অন্তৰৰ মানুহজনক বাৰুকৈয়ে ধন্যবাদ জনালে
আৰু তাৰ পৰা বিদাই ল’লে৷

ৰিস্কাত উঠি ঘৰমুৱা কাকলিয়ে ভাবিলে মানুহৰ সুখ আৰু মৰমৰ অনুভৱবোৰ সচাকৈয়ে ঘৰৰ আকাৰ আৰু
আকৃতিৰ ওপৰত নিৰ্ভৰ নকৰে, বৰং মনৰ বিশালতাৰ ওপৰতহে নিৰ্ভৰ কৰে৷যোৱা এসপ্তাহৰ পৰা এইটো
কথাকে বিবেকে তাইক বুজাবলৈ চেষ্টা কৰি আছিল৷ কোম্পানীটোত নতুনকৈ সোমোৱা বিবেকে বেছি দামী ঘৰৰ
ভাড়া কোম্পানীৰ ফালৰ পৰা নিদিয়ে বুলি তাইক আগতেই কৈ থৈছে৷ কিন্তু তাই হে …..

ততাতৈয়াকৈ কাকলিয়ে মোবাইলটো উলিয়াই লৈ Contact লৈ গৈ “Rent – 4 , Mohidhor Bharali” নম্বৰটোলৈ
ফোন লগালে,
“হেল’ মই কাকলি ডেকাই কৈছো,
হয় , মই যোৱাকালি চাব গৈছিলো আপোনাৰ ভাড়াঘৰটো;
হয়, মই গম পাইছো দুটা ৰুম আৰু কিট্‌ছেন বুলি৷ নাই নাই , তেনেকুৱা একো নহয়৷ মই লম আপোনাৰ ঘৰটো৷
মোৰ পছন্দ হৈছে খুব৷
আজি গধূলি মোৰ হাজবেণ্ড গৈ এডভাঞ্চ দি থৈ আহিব৷ ধন্যবাদ৷”

* ৰাজশ্ৰী হালৈ কলিতা