ঘৰুৱা হিংসা আৰু আমাৰ দেশ- দেৱীকা বৰপূজাৰী

pc Istock

ঘৰুৱা হিংসা আৰু আমাৰ দেশ

মই ভাবিছিলো, আমাৰ অসমত বিবাহিতা মহিলাৰ ওপৰত দৈহিক অত্যাচাৰ আন ৰাজ্যৰ তুলনাত কম। পিছে, মোৰ বন্ধু এজনীয়ে এই বিষয়ত survey কৰিবলৈ অসমৰ দুই এখন ঠাইলৈ গৈহে গম পালে, physical abuse নীৰৱে, নিঃশব্দে অসমৰ চুকে কোনেও আছে।মৰিগাঁও, মাজুলী, গোলাঘাট আদি কেইবাখনো ঠাইলৈ যোৱা সেই বন্ধুৱে কেইবাগৰাকী পত্নীৰ পৰা সকলো জানিলে আৰু এটা কথাই সেই পত্নীসকলে জনালে যে – ‘ সহ্য কৰাৰ বাহিৰে আমাৰ উপায় নাই, কাৰন আমি আৰ্থিক ভাৱে সমৰ্থ নহয়, তদুপৰি মাক বাপেকেও কয়, যেনে হলেও শহুৰৰ ঘৰতে থাকিব লাগিব ‘।

শেহতীয়াকৈ জাতীয় পৰিয়াল স্বাস্থ্য সংস্থা ই এক তদন্ত কৰি ঘৰুৱা হিংসা ( domestic violence ) ৰ বহু উমান পাইছে। ১৪ খন ৰাজ্যৰ প্ৰায় ৩০% শতাংশ পত্নীয়ে স্বীকাৰ কৰে যে ‘ নানা কাৰনত স্বামীয়ে মাৰপিট কৰে’ তেলেংগানা ৰাজ্যৰ ৮৪% নাৰীয়ে স্বামীৰ পৰা পোৱা দৈহিক অত্যাচাৰ ‘ এক সাধাৰণ ঘটনা ‘ বুলিয়েই ধৰি লয়। সেইদৰে, অন্ধ্ৰ প্ৰদেশতো ৮৪% , কৰ্ণাটকত ৭৭%, কেৰেলাত ৫২% আৰু পশ্চিম বংগত ৪২% ; অসমৰ দৰে বহু ৰাজ্য এই তদন্তত হয়তো নাই পৰা।
স্বামীতে পত্নীৰ ওপৰত কৰা মাৰ পিত বোৰৰ কাৰন সমূহ বিশেষকৈ- শহুৰ শাহুক নমনা, তৰ্ক কৰা, সুস্বাদু আহাৰ তৈয়াৰ নকৰা, সন্দেহ- আদি যি কোনো এটাৰ বাবেই অতি সহজতে স্বামীয়ে পত্নীৰ ওপৰত হাত তোলা দেখা যায়। তেতিয়াহলে পত্নীয়ে এই অত্যাচাৰ নীৰৱে কি কাৰনে সহি থাকে আৰু সেয়া ‘ স্বাভাৱিক ‘ বুলি ধৰি লয় ?
মহিলাৰ সহায় আৰু সুৰক্ষা কেন্দ্ৰ, যি গান্ধীনগৰ আৰু ৰাজস্থানৰ কেইবাটাও পুলিচ ষ্টেচনৰ লগত সংশ্লিষ্ট, তাৰে প্ৰতিস্থাতা ৰেণুকা পামেছাই পোৱা অভিজ্ঞতাৰে বুজিব পাৰিছে যে , ‘নাৰীয়ে সহ্য কৰি থাকে কিয়নো ইয়াৰ কোনো বিকল্প নাই ‘…
খুব কম সংখ্যক মহিলাৰহে অৰ্থনৈতিক স্বাধীনতা আৰু সামাজিক সমৰ্থন আছে, আনকি, বহুতে মাক দেউতাকৰ পৰাও কোনো সঁহাৰি নাপায়। সেইবাবেই এই দুৰ্ভগীয়া বিবাহিতা নাৰী সকলে পুলিচৰ ওচৰলৈ গৈ গোচৰ দিবলৈ ভয় কৰে নিজৰ আৰু সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰি।
পামেছাই কয় ” যি সকল নাৰী Intimate partner violence ( IPV ) ৰ দ্বাৰা নিৰ্যাতিত, সেইসকলৰ বাবে সৰুকৈ থকা ঘৰ, পূৰ্ণ সংস্থাপন আৰু স্বাৱলম্বী হব পৰাকৈ কিছু শিক্ষা দিয়া বৰ দৰকাৰ হৈ পৰিছে। মই নিজেই দেখিছো- কোনো ভুক্তভোগী নাৰীয়ে সাহস কৰি পুলিচৰ ওচৰলৈ যায় ; পুলিচে সামান্যও সহানুভূতি দেখুৱাব নোখোজে, পৰিবৰ্তে কয়
” তহঁতৰ পতিয়ে মৰমতে যেনিবা এক চৰ লগালেই, তাতেনো কি ইমান ডাঙৰ কথা হ’ল”
পুষ্পা ছাইনি, যিয়ে মৰসাহ কৰি স্বামীৰ অত্যাচাৰৰ বলি নহৈ ওলাই আহিল, তেওঁক আমি পঢ়িবলৈ সুবিধা কৰি দিলো আৰু সময়ত পুষ্পাই ল ডিগ্ৰী লৈ নিজৰ ল’ৰা ছোৱালী দুটা লৈ শান্তিৰে জীৱন নিৰ্বাহ কৰি আছে। কিন্তু এনে ঘটনা বিৰল।
নেইৰিন দাৰুৱালা ই মুম্বাইৰ ধাৰাবি অঞ্চলত এক NGO চলায়, নাম ‘ স্নেহা ‘ ; যিয়ে ঘৰুৱা হিংসাৰ বলি হোৱা সকলৰ হৈ কাম কৰে। ” টকা পইচাই এটা ডাঙৰ সমস্যা, ইয়াৰ মহিলা সকলে স্বামীৰ মাৰ পিত স্বাভাৱিক ঘটনা বুলিয়েই ধৰি লয়, কাৰন ভৰন পোষণ দিছে যেতিয়া মাৰ খোৱাটো বৰ ডাঙৰ কথা নহয় ” বুলিয়েই স্নেহা লৈ অহা মহিলাই কয়।
কিন্তু ঘৰুৱা হিংসাৰ বলি হোৱা সকলৰ শাৰীৰিক আৰু মানসিক ভাৰসাম্য ৰক্ষা কৰা অসুবিধা হৈ পৰে। হতাশা, দুঃচিন্তা, সন্তানৰ উপযোগী যত্ন লব নোৱাৰা, নাৰ্ভ আৰু প্ৰসূতি জনিত ৰোগৰ সমস্যাত পৰা দেখা যায়। যদিও
The protection of women from domestic violence act ২০০৫ চনতে গৃহীত হৈছিল, পিছে কি হব, নিৰ্যাতিত নাৰী নিজেই আহি গোচৰ দিলেহে এই act কাৰ্যকৰী হব ! বেছিভাগেই সমাজ আৰু পৰিয়ালৰ পৰা বেয়াকৈ বঞ্চিত হব বুলি আৰু সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আগবাঢ়ি আহি প্ৰতিবাদ কৰিবলৈ সাহ নকৰে।

পুলিচ, স্বাস্থ্য কৰ্মী আৰু ন্যায়পালিকা সকলে কিছু পৰিমানে সহানুভূতি দেখুৱাই স্বামীৰ মাৰ কিল খাই থকা মহিলা সকলৰ বাবে কিবা এটা কৰাৰ প্ৰয়োজন হৈ পৰিছে। সমূহীয়াকৈ, সামাজিকভাৱে পুৰুষ সকলক লৈ আলোচনা চক্ৰৰ আয়োজন কৰা আৰু আটাইতকৈ ডাঙৰ কাম হৈছে, মহিলা সকলক বুজনি দিয়া যে —
‘ সহায় বিচাৰি ওলাই আহিলে বহু সমস্যাৰ সমাধান নোহোৱাকৈ নাথাকে’। নেইৰিনে কয় যে, ” আমি যি এলেকাত কাম কৰি আছো, তাত এইদৰে সমূহীয়া আলোচনা আৰু সকলোকে একগোট কৰি ৰখাৰ মানসিকতাৰ হেতু ঘৰুৱা হিংসা ( domestic violence ) বহুখিনি কমিছে আৰু হিংসাক স্বাভাৱিক বুলি গ্ৰহণ কৰাটোও কমিছে। সামূহিক ভাবে কৰা কামৰ ফল সদায় ইতিবাচক হয় কিন্তু এতিয়াও বহু দূৰ যাবলৈ বাকী “।
ঘৰুৱা কন্দল যিহেতু ‘ব্যক্তিগত বিষয়’ , সেইবাবে ৰাজ্যিক চৰকাৰে এই বিষয়টোৰ ওপৰত নিৰ্বিকাৰ হৈয়েই থাকে, কিন্তু এতিয়া এইটো বুজি পাব লাগে যে, এই ধৰনৰ ঘৰুৱা হিংসা ৰোধ কৰাটো মানৱীয় অধিকাৰ, সামূহিক স্বাস্থ্য আৰু অৰ্থনৈতিক বিষয়।
মহিলা সকলে আত্ম বিশ্বাস ৰাখিব লাগে যে যদি তেওঁলোকে সহায় বিচাৰি পুলিচ বা সামূহিক সংস্থা সমূহলৈ আহে, তেওঁলোকক বিমুখ নকৰে বা ভয়ানক পৰিস্থিতিৰ মাজলৈ পুনৰ ঘূৰাই নপঠায়।
ৰেণুকা পামেছা আৰু নেইৰিন দাৰুৱালাৰ সংস্থা – যি পুলিচ ষ্টেশ্যনৰ লগত সংযোজিত, ঘৰুৱা সংসাৰৰ বলি হোৱা মহিলাৰ হকে কাম কৰি আছে আৰু abuse ৰ গোচৰ দিবলৈ আগবাঢ়ি আহিবলৈ সাহস যোগাই আছে। এনে ধৰণৰ সংস্থা দেশৰ চুকে কোনে হোৱা অতীৱ প্ৰয়োজন হৈ পৰিছে।

দেৱীকা বৰপূজাৰী
মুম্বাই