গৰু, ছাগলীৰ চৰণীয়া পথাৰলৈ পৰিণত হৈছে ভেৰগাঁ‌ও পলিটেকনিক ইনষ্টিটিউট

গৰু, ছাগলীৰ চৰণীয়া পথাৰলৈ পৰিণত হৈছে ভেৰগাঁ‌ও পলিটেকনিক ইনষ্টিটিউট

অমৰজিৎ ৰাভা ,ওদালগুৰি, ৰঙিলী বাৰ্ত্তাসেৱা- ওদালগুৰি জিলাৰ মহকুমা সদৰ ভেৰগাঁওস্থিত পলিটেকনিক ইনষ্টিটিউট এতিয়া নানা সমস্যাৰে জৰ্জৰিত এক কাৰিকৰী শৈক্ষিক প্ৰতিষ্ঠান। বিগত ২০০৮ বৰ্ষত লাইখুটা স্থাপনেৰে প্ৰায় চাৰে বাৰ কোটি টকা ব্যয় সাপেক্ষৰে নিৰ্মাণ কৰি উলিওৱা ভেৰগাঁও পলিটেকনিক ইনষ্টিটিউট প্ৰতিষ্ঠানখন খৰধৰকৈ নিৰ্মাণৰত অৱস্থাতে ২০২১ বৰ্ষৰ মাৰ্চত পাঠদান কৰিব পৰাকৈ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে প্ৰতিষ্ঠানখন শুভ উন্মোচন কৰি দিছিল। উক্ত সময়চোৱাৰ পূৰ্বেই অনলাইনযোগে শিক্ষাৰ্থী সকলৰ নামভৰ্তি সম্পূৰ্ণ হৈ আছিল যদিও আনুষ্ঠানিকতাৰে শুভ মুকলিৰ অপেক্ষাহে আছিল ৷এই প্ৰতিষ্ঠানখনত বৰ্তমান মেকানিকেল,চিভিল ইঞ্জিনিয়াৰিং আৰু ফুড প্ৰচেচিং তিনিটা ট্ৰেডেৰে পাঁচ শতাধিক শিক্ষাৰ্থী সকলে শিক্ষা লৈ আছে ৷ প্ৰতিষ্ঠানখনৰ বহুকেইটা কোঠা বৰ্তমানও নিৰ্মাণৰত হৈ আছে ৷ তথাপিও অসমৰ বিভিন্ন অঞ্চলৰ দূৰদূৰণিৰ পৰা ছাত্ৰ-ছাত্ৰী সকল শিক্ষা গ্ৰহণ কৰি নিজৰ সুন্দৰ ভৱিষ্যৎ জীৱন গঢ়াত ব্যস্ত ৷ প্ৰতিষ্ঠানখন ধূমধামেৰে মুকলি হ’ল যদিও প্ৰতিষ্ঠানখনত থাকিবলগীয়া প্ৰশাসনিক পদ সমূহ বৰ্তমানলৈ পূৰণ হোৱা নাই ৷ প্ৰাপ্ত তথ্যমতে প্ৰতিষ্ঠানখনত থাকিবলগীয়া পদ সমূহ এনেধৰণৰ- স্থায়ী অধ্যক্ষ, চতুৰ্থ বৰ্গৰ ষ্টাফ কৰ্মচাৰী,কম্পিউটাৰ,এলডিএ-ইউডিএসহ ১১ গৰাকীৰ সম্প্ৰতিলৈ এগৰাকীও নিযুক্তি নাই ৷ ইয়াৰ বিপৰীতে তিনিটা ট্ৰেডৰ ফেকাল্টি বৰ্তমানলৈ ২১ গৰাকীৰ বিপৰীতে আছে ১৯ গৰাকী,অফিচ ষ্টাফ তিনি গৰাকীৰ এজনো নাই ,হেড অফ ডিপাৰ্টমেন্ট তিনি গৰাকী ,লাইব্ৰেৰিয়ান এক,ৱৰ্কচপ চুপাৰভাইজাৰ এক,চিনিয়ৰ ইনষ্ট্ৰাক্টৰ তিনি,সহকাৰী বিজ্ঞানী দুই,জুনিয়ৰ ইনষ্ট্ৰাক্টৰ পাঁচ,জুনিয়ৰ এচিষ্টেণ্ট তিনি,ফৰমেন এক ,অফিচ বিয়াৰাৰ তথা পিয়ন আদিৰ সম্পূৰ্ণ পদ সমূহ খালী হৈ আছে ৷ বৰ্তমান প্ৰতিষ্ঠানখন ভাৰপ্ৰাপ্ত অধ্যক্ষ কুলেন চন্দ্ৰ বড়োৱে অশেষ কষ্টৰে সকলো চোৱাচিতাৰ লগতে পৰিছালনাও কৰি থাকিব লগীয়া হৈছে ৷ ফলত প্ৰতিষ্ঠানখনত নানা সমস্যাই দেখা দিছে। ইয়াৰোপৰি প্ৰতিষ্ঠানখনত নাই কোনো চাৰিবেৰ ৷য’ত দাঁতিকাষৰীয়া ৰাইজৰ কুকুৰ ,গৰু -ছাগলী আদি অনায়াসে প্ৰতিষ্ঠানখনত অহা যোৱা কৰে ৷ এক কথাত প্ৰতিষ্ঠান খনৰ চৌপাশ চৰণীয়া পথাৰলৈ পৰিণত হৈছে। যিয়ে বৰ্তমান শৈক্ষিক পৰিবেশ বিনষ্ট কৰিছে ইপিনে প্ৰতিষ্ঠানখনত থাকিবলগীয়া ল’ৰা-ছোৱালীৰ হোষ্টেল,অধ্যক্ষৰ কোৱাৰ্টাৰ,ষ্টাফ কোৱাৰ্টাৰ আদিও অদ্যপি নিৰ্মাণ হোৱা নাই ৷ এনে বহু সমস্যাৰে ভাৰাক্ৰান্ত প্ৰতিষ্ঠানখনৰ পৰাই অসমৰ লগতে বৰ্হিঃৰাজ্যৰ বহু ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ভবিষ্যৎ জীৱন গঢ়িবলৈ অধ্যয়ণৰত হৈ আছে ৷ উল্লেখ্য যে যি সময়ত ৰাজ্যখনৰ লগতে দেশখনত নিবনুৱা সমস্যাই দিনক-দিনে বৃদ্ধি পাবলৈ ধৰিছে ৷ তেনে সময়ত নিবনুৱা সমস্যা লাঘৱ কৰিব পৰা প্ৰতিষ্ঠানখন আজিলৈ অসম চৰকাৰ বা বিটিআৰ চৰকাৰে আধুনিকীকৰণ কৰিবলৈ ব্যৱস্থা নোলোৱাটো পৰিতাপৰ বিষয়। গতিকে স্থানীয় বিধায়ক তথা অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী তথা বিটিআৰ প্ৰধান প্ৰমোদ বড়োদেৱক অতিশীঘ্ৰে ক্ষিপ্ৰ পদক্ষেপ গ্ৰহণেৰে প্ৰতিষ্ঠানখনৰ সৌষ্ঠৱ তথা শৈক্ষিক পৰিবেশ উন্নত কৰি তুলিবলৈ দাবী জনাইছে ভেৰগাঁৱৰ বিভিন্ন ছাত্ৰ সংগঠনৰ লগতে সচেতন ব্যক্তি মহলে৷