গৰিয়া-মৰিয়া- দেশী জাতীয় পৰিষদৰ বাৰ্ষিক অধিৱেশন

গৰিয়া-মৰিয়া- দেশী জাতীয় পৰিষদৰ বাৰ্ষিক অধিৱেশন

ৰঙিলী বাৰ্ত্তাসেৱা-  সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ অন্তৰ্গত জালুগুটি (পূব) আঞ্চলিক সমিতিৰ তৃতীয় সংখ্যক ত্ৰি-বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয়৷জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ২৮ আৰু ২৯ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয়। দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী “বাৰে বৰণীয়া সাংস্কৃতিক সমন্বয় শোভাযাত্ৰা” উদ্ধোধক হিচাবে উপস্থিত থাকে জনপ্ৰিয় অভিনেত্ৰী তথা কণ্ঠশিল্পী তেহচিন আখ্‌টাৰে৷ দ্বিতীয় কাৰ্যসূচী “মুকলি সভাৰ” নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকে বিশিষ্ট নিবন্ধকাৰ তথা সমালোচক ড০ প্ৰদ্যুম্ন গোস্বামী, বিশিষ্ট অতিথি ৰমাকান্ত দেউৰী, স্থানীয় বিধায়ক তথা অধ্যক্ষ, ভৈয়াম জন-জাতি উন্নয়ন নিগম, অসম চৰকাৰ, হাফিজুল আহমেদ, অধ্যক্ষ, গৰিয়া উন্নয়ন পৰিষদ, ৰাতুল বৰগোহাঁই, সাধাৰণ সম্পাদক, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,চেনিৰাম মালাং, উপদেষ্টা, সদৌ তিৱা ছাত্ৰ সন্থা, বিৰিঞ্চি কুমাৰ শৰ্মা, সভাপতি, মৰিগাঁও জিলা সাংবাদিক সন্থা, আদিকে ধৰি বহুকেইটা জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দ আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত প্ৰতিশ্ৰুতি সম্পন্ন ব্যক্তিসকল উপস্থিত আছিল। সন্ধিয়া সংগীতানুষ্ঠানৰ উদ্ধোধক হিচাবে উপস্থিত থাকে দেৱাষীশ শৰ্মা, উপায়ুক্ত, মৰিগাঁও জিলা। তেওঁ নিজেও গীত পৰিৱেশন কৰি ৰাইজক অতিকৈ আমোদ দিয়ে। সংগীতানুষ্ঠানৰ মূল আকৰ্ষণ আছিল জাতীয়তাবাদী সত্তাৰ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী ” ৰাজীৱ শদিয়া”।