গ্ৰেপ্তাৰ হব পাৰে মোহময়ী অভিনেত্ৰী শিল্পা চেত্ৰী

pc- walpaperacess

অনলাইন বাৰ্ত্তাসেৱা-  স্বামী ৰাজ কুন্দ্ৰাৰ পাছত এইবাৰ গ্ৰেপ্তাৰ হব পাৰে মোহময়ী অভিনেত্ৰী শিল্পা চেত্ৰী। কেৱল শিল্পাই নহয় গ্ৰেপ্তাৰ হোৱা সম্ভাৱনা আছে শিল্পাৰ মাতৃ সুনন্দা চেত্ৰী। কিছু দিনৰ আগতে আয়োছিছ স্লমিং স্কীন চেলুন আৰু স্পা নামেৰে তেওঁলোকে এটা কোম্পানী আৰম্ভ কৰিছিল। এই কোম্পানীটোৰ শাখা বিভিন্ন স্থানত খোলাৰ নামত বিভিন্ন লোকৰ পৰা কোটি টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে দুয়োগৰাকীৰ বিৰুদ্ধে।এগৰাকী লোকৰ গোচৰৰ ভিত্তিত লক্ষ্ণৌ আৰক্ষীয়ে এমাহৰ আগতেই দুয়োগৰাকীলৈ নটিছ প্ৰেৰণ কৰিছিল। কিন্তু আৰক্ষীৰ সেই নটিছত কোনো সহাঁৰি জনোৱা নাছিল শিল্পা আৰু মাতৃয়ে। শেহতীয়াকৈ আৰক্ষীয়ে নিজে মুম্বাইলৈ আহি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। by utpal kalita