গ্ৰন্থমেলালৈ যাওঁ ব’লা – স্বাগতা বৰুৱা গোস্বামী

P.c. The Sentinel assam

গ্ৰন্থমেলালৈ যাওঁ ব’লা

জেঠিটোৱে কয় শুনা টিক্ টিক্ টিক্,সময় গৈছে উৰি ঠিক্ ঠিক্ ঠিক্… সৰুতে পঢ়া তোমালোকৰ মনত আছে নহয়নে?সচাকৈয়ে সময় কেনেকৈ আহি কেনেকৈ লৰমাৰি গুছি যায় আমি গ’মেই নাপাওঁ নহয়নে।সৌদিনা বছৰটো আৰম্ভ হৈছিল হে কিন্তু আজি ৮টা দিন পাৰ হ’লেই,বাৰু সময়ে সময়ৰ কাম কৰি থাকিব আমিও আমাৰ কাম কৰি তাৰ লগত মিলাই কৰি যাব লাগিব।এটা কথা আমি মনত ৰখা উচিত যে সময়ে সময়ৰ কাম ঠিকেই কৰি গৈ থাকে।সময়ৰ লগে লগে প্ৰকৃতিয়েও নিজৰ কাম ঠিকেই কৰি গৈ থাকে।ঋতু পৰিৱৰ্তনৰ লগে লগে আমাৰ পৃথিৱী খনকো ন ন সাজেৰে সজাই তোলে প্ৰকৃতিয়ে।কেনেকৈ সংগোপনে শীত আমাৰ মাজলৈ আহিলে দেখিলা।সৌসিদিনা লৈকে আমাৰ জুই দেখিলেই গাটো পোৰণি উঠিছিল,কিন্তু এতিয়া অকণমান জুইৰ ওচৰত বহিলেহে গাটো ভাল লাগে।কিন্তু এতিয়া এই শীতৰ লগতে শীতৰ আমেজ লৈ ৰ’দতে বহি কিতাপ পঢ়াৰ আনন্দ দিবলৈ আহিছে গ্ৰন্থ মেলা।এই সময় খিনিক আচলতে গ্ৰন্থৰ সময় বুলিও কোৱা হয়।তোমালোকৰো চাগৈ জানিবলৈ মন যায় এই গ্ৰন্থ মেলাৰ ইতিহাসৰ বিষয়ে।জাৰ্মান দেশৰ লিপজিগ নগৰত ১৯২৭ চনত প্ৰথম গ্ৰন্থমেলা আৰম্ভ হৈছিল।লাহে লাহে ই ইউৰোপ আৰু পিছলৈ আন আন দেশতো গ্ৰন্থমেলা হ’বলৈ ধৰে।অন্য দেশৰ তুলনাত আমাৰ দেশত গ্ৰন্থমেলা নতুন।ভাৰতৰ কলিকতাত প্ৰথম গ্ৰন্থমেলা হৈছিল।পিছলৈ মুম্বাই, দিল্লী আদিতো গ্ৰন্থমেলা অনুষ্ঠিত হোৱা হ’ল।অসমত প্ৰথম গ্ৰন্থমেলা আৰম্ভ হয় ১৯৭৮ চনত নগাঁওৰ নেহেৰু বালিত হয় যদিও পিছলৈ ১৯৮৪ চনত গুৱাহাটীত অসম প্ৰকাশন পৰিষদে প্ৰথম আনুষ্ঠানিক ভাবে গ্ৰন্থমেলাৰ আয়োজন কৰিছিল।যোৰহাটত অসম শৈক্ষিক কেন্দ্ৰই প্ৰতি দুবছৰৰ মূৰে মূৰে গ্ৰন্থমেলা পাতে।এতিয়াও বিভিন্ন ঠাইত গ্ৰন্থমেলা চলি আছে।গুৱাহাটীত চানমাৰীৰ বাকৰিত এতিয়া গ্ৰন্থপ্ৰেমীৰ দলদোপ-হেন্দোলদোপ।তোমালোকেও কিতাপ পঢ়াৰ অভ্যাস কৰিবা।গ্ৰন্থমেলা যদি তোমালোকৰ থকা ঠাইত হয় এবাৰ হ’লেও তালে যাবা,গৈ শিশুৰ ওপৰত লিখা কিতাপ বোৰ কিনিবা।কাৰণ পৃথিৱীৰ সকলোতকৈ ভাল বন্ধু কিতাপ।গতিকে কিতাপ পঢ়া আৰু আনন্দ লোৱা।

স্বাগতা বৰুৱা গোস্বামী
৮৭২১৮৮০৮২৪