গো সুৰক্ষা বিধেয়ক ২০২১ , আশীৰ্বাদ যাত্ৰা আৰু উপ নিৰ্বাচন ~~~~~~~~~ফখৰুদ্দিন আহমেদ

গো সুৰক্ষা বিধেয়ক ২০২১ , আশীৰ্বাদ যাত্ৰা আৰু উপ নিৰ্বাচন  ~~~~~~~~~ ফখৰুদ্দিন আহমেদ

ভাৰতবৰ্ষত ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা ৫ খন ৰাজ্যৰ ভিতৰত বিধান সভাৰ নিৰ্বাচন অসমতো হৈছিল। এই নিৰ্বাচন উপলক্ষে ৰাষ্ট্ৰীয় ৰাজনৈতিক দল , ৰাজ্যিক ৰাজনৈতিক দল আৰু নিৰ্দলীয় প্ৰতিদ্বন্ডী বিলাকেও নিজৰ নিজৰ ইস্তাহাৰ প্ৰকাশ কৰিছিল। এই ইস্তাহাৰত অনাগত পাছ টা বৰ্ষত অসমৰ বিভিন্ন বিভাগৰ উন্নয়ন কি দৰে কৰা হ’ব তাৰ বিস্তৃত বিশ্লেষন অসমৰ জনতাক উদ্দেশ্যি মনোমোহাকৈ উপস্থাপন কৰিছিল। নিৰ্বাচনী ফলাফল বি জে পি ৰাষ্ট্ৰীয় দলৰ সপক্ষে যোৱাৰ পিছত পাৰদৰ্শী মন্ত্ৰী হিচাপে পৰিগনিত হোৱা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত চৰকাৰ গঠন কৰে। বিগত ইং ২০১৬ বৰ্ষত অসমত গঠিত বি জে পি চৰকাৰক নেতৃত্ব দিওতা সৰ্বানন্দ সোনোৱালক ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী সভাৰ কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব অৰ্পন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
চলিত বৰ্ষৰ বিগত জুলাই মাহৰ ১২ তাৰিখৰ পৰা নব গঠিত বি জে পি চৰকাৰে অসম বিধান সভাৰ প্ৰথম খন অধিবেশন আৰম্ভ কৰিছে আৰু সদ্য মুহূৰ্তলৈ এই অধিবেশন চলি আছে। অধিবেশনৰ প্ৰথম দিনাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধান সভাত উত্থাপন কৰিলে গো সুৰক্ষা বিধেয়ক ,২০২১। আলোচনা পৰ্যালোচনাৰ অন্তত সংখ্যাগৰিষ্ঠতা ভিত্তিত বিধান সভাত বিধেয়ক খন অনুমোদনো হৈ গ’ল। পিছে মন কৰিবলগা বিষয়টি হৈছে বিগত অসমৰ বিধান সভাৰ নিৰ্বাচন উপলক্ষে প্ৰকাশিত বি জে পি দলৰ ইস্তাহাৰত এই গো সুৰক্ষা বিধেয়ক খনৰ কথা উল্লেখ কৰা হোৱা নাছিল। আনকি নিৰ্বাচনৰ উপলক্ষ্যত অনুষ্ঠিত নিৰ্বাচনী মহা সভাবোৰতো ভুলতেও বি জে পি দলৰ ৰাজ্যিক তথা ৰাষ্ট্ৰীয় নেতাবোৰে নিৰ্বাচনী বক্তব্যত এইখন বিধেয়কৰ কথা উল্লেখ কৰা নাছিল।মূল কাৰন আছিল অসমৰ ১২৬ টা বিধান সভা সমষ্টিৰ ভিতৰত প্ৰায় ৩৫ টা বিধান সভা সমষ্টিত সংখ্যালঘু মুছলমান ভোটাৰৰ সংখ্যাধিক্যতা আৰু আন সমষ্টিত থকা খিলঞ্জীয়া আৰু সংখ্যালঘু মুছলমান সকল। নিৰ্বাচনৰ পূৰ্বেই এইখন গো সুৰক্ষা বিধেয়কৰ কথা ঘোষনা কৰিলে বি জে পি দলৰ সপক্ষে থকা মুছলমান ভোটৰ গৰাখহনীয়া হ’ব বুলি হয়তু বি জে পি দলৰ নেতৃত্বই সন্দেহ কৰিছিল।
মুছলমান লোক সকলে গৰুৰ মাংস ভক্ষন কৰে কিন্তু ধৰ্মীয় ভাবে এই মাংস ভক্ষন কৰাৰ সম্পৰ্কত কোনো বাধ্য বাধকতা আৰোপ কৰা হোৱা নাই। লগতে এই বিধেয়ক খনৰ দ্বাৰা গো মাংস ভক্ষন কৰা আন ধৰ্মৰ লোক সকল , গো ব্যবসায়ী সকল আৰু পোহনীয়া গৰু বিক্ৰী কৰি পৰিয়াল ভৰন পোষন দিয়া লোক সকলৰ বিপৰ্যয় হ’ব বুলি সচেতন মহলে কৰা ধাৰনা সম্প্ৰতি সত্য প্ৰমানিত হোৱাৰ দিশত গতি কৰি আছে। পিছে এই সমস্যাৰ আঁৰৰ কাহিনী ভয়াবহ ভাবে মুৰ দাঙি উঠা পৰিলক্ষিত হৈছে অসম আৰু মিজোৰামৰ সীমান্ত লাইলাপুলত হোৱা সংঘৰ্ষৰ পিছতহে।প্ৰথমতে অসমৰ সকলো লোকেই ধৰি লৈছিল এয়া একমাত্ৰ সীমা বিবাদৰহে ফল।তাৰ পিছত কিছুমান লোকে চ’চিয়েল মেডিয়াত প্ৰচাৰ চলাইছিল যে এই ঘটনা সুত্ৰপাত ঘটোৱাত অসম মিজোৰাম সীমান্তত বসবাস কৰা বাংলাদেশী মূলৰ মিঞা মুছলমানখিনিহে প্ৰধানত জগৰীয়া। এই কথাকো নস্যাৎ কৰি সাম্প্ৰতিক সময়ত অসমক বাদ কৰি উত্তৰ পুৰ্বাঞ্চলৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী প্ৰধান ৰাজ্য সমূহৰ কোনো কোনো মুখ্যমন্ত্ৰীৰ বক্তব্যত প্ৰকট হৈ পৰিছে যে এয়া অসম বিধান সভাত অনুমোদিত গো সুৰক্ষা বিধেয়ক বিদ্বেষী কাৰ্যৰহে প্ৰতিফলন। কেইবাজনো তেনে মুখ্যমন্ত্ৰীয়ে অসমৰ মাজেৰে গো সৰবৰাহত চলিত নিষেধাজ্ঞাৰ ক্ষেত্ৰত স্পষ্টকৈ অসমৰ গো সুৰক্ষা বিধেয়ক প্ৰত্যক্ষ বিৰোধীতা কৰাই নহয় , যিকিনো প্ৰকাৰে অসমৰ মাজেৰে গো সৰবৰাহ কৰা হ’বই বুলি মন্তব্য প্ৰকাশ কৰিছে। এয়া চিন্তনীয় বিষয় হৈ পৰিছে।ভাৰতবৰ্ষৰ উত্তৰ পুৰ্বাঞ্চলৰ বি জে পি দলৰ উমৈহতীয়া মঞ্চ নেডাৰ আহ্বায়ক অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বাবে এয়া প্ৰত্যাহ্বানেই নহয় উত্তৰ পুৰ্বাঞ্চলত ৰাষ্ট্ৰীয় দল বি জে পি ৰ সাংগঠনিক ক্ষেত্ৰতো ইয়াৰ বিৰূপ প্ৰভাব পৰাৰ সম্ভাৱনা আছে। অৱশ্যে ৰাষ্ট্ৰীয় ৰাজনীতিত চানক্য ৰূপে পৰিচিত অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কেনে ধৰনৰ পদক্ষেপেৰে ইতিবাচক পৰিবেশৰ সৃষ্টি কৰিব পাৰে সেয়া সময়ে ক’ব।
অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী , সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোনোৱালক বি জে পি দলৰ কেন্দ্ৰীয় নেতৃবৃন্দই অসমত অনুষ্ঠিত হ’বলগা উপনিৰ্বাচনক উপলক্ষ্য কৰি চলিত বৰ্ষৰ ১৬ আগষ্টৰ পিছৰ পৰা সমগ্ৰ অসমত তিনি দিনিয়াকৈ ” আশীৰ্বাদ যাত্ৰা ” কৰিবলৈ নিৰ্দেশ দিছে। প্ৰসংগত উল্লেখ কৰিব পাৰি যে ইতিমধ্যে অসমত অনুষ্ঠিত হৈ যোৱা বি টি আৰৰ নিৰ্বাচন , অসম বিধান সভাৰ নিৰ্বাচনত ৰাজনৈতিক লাভালাভত ব্যস্ত হৈ পৰা সকলো ৰাজনৈতিক দলৰেই নেতৃবৃন্দৰ কাৰনে কভিড ১৯ ৰ ইং ২০২১ বৰ্ষত সংঘটিত দ্বিতীয় ঢৌ অসমত নিয়ন্ত্ৰনৰ বাহিৰলৈ গুছি গৈছিল। নিৰ্বাচনৰ সময়ত ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যত কভিড ১৯ য়ে ধ্বংশ লীলা চলাই আছিল আৰু নিৰ্বাচনৰ গন মহাৰোহৰ দ্বাৰা কভিড ১৯ ৰ সংক্ৰমনৰ বিষয়ে প্ৰশ্ন কৰাত সাংবাদিকক বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীয়ে উত্তৰ দিছিল যে সেই সময়ত অসমত কভিড ১৯ নাই আৰু প্ৰয়োজন হ’লে অসমৰ জনতাক মাক্স পিন্ধিবলৈ জনাই দিব। বিশ্ব স্বাস্থ্য সংস্থা আৰু ভাৰতীয় স্বাস্থ্য বিভাগে কভিড ১৯ ৰ তৃতীয় ঢৌ ডেল্টা ভেৰিয়েন্টৰ সংক্ৰমন ভাৰতবৰ্ষত আগষ্ট , ২০২১ ৰ মাজ ভাগৰ পৰা আৰম্ভ হ’ব আৰু চৰকাৰ তথা জনসাধাৰন অলপ অসাবধান হ’লেই ভয়াবহ পৰিনতিৰ সমূখীন হ’ব লাগিব। ইতিমধ্যে অসমত এগৰাকী মহিলা চিকিৎসকৰ শৰীৰত কভিড ১৯ ৰ আলফা আৰু ডেল্টা ভেৰিয়েন্টৰ অবস্থিতি ধৰা পৰিছে।সাবধান হ’বলগা বিষয়টি হৈছে মহিলা চিকিৎসক গৰাকীয়ে কভিড ১৯ ভেক্সিনৰ দুয়োটা পালিয়েই গ্ৰহন কৰিছিল। এতিয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালক ৰূপায়ন কৰিবলৈ দায়িত্ব অৰ্পন কৰা “আশীৰ্বাদ যাত্ৰা” নিয়ম মাফিক ভাবে ঘোষনা কৰা হ’ব কভিড ১৯ ৰ প্ৰটক’ল মানি চলিবৰ কাৰনে। কিন্তু তাত যোগদান কৰা মন্ত্ৰী ,বিধায়কৰ পৰা সাধাৰন নেতা , কৰ্মীলৈ কোনোবাই কভিড ১৯ ৰ প্ৰটক’ল মানি চলিব বুলি আশা কৰিব পাৰি জানো?এই আশীৰ্বাদ যাত্ৰা কভিড ১৯ ৰ সাম্ভাব্য তৃতীয় ঢৌৰ পৰিপ্ৰেক্ষিতত কিমান প্ৰয়োজন সেয়া বি জে পি চৰকাৰে জনসাধাৰনৰ স্বাৰ্থৰ খাতিৰত নিশ্চয় পুনৰ বিবেচনা কৰিব পাৰে।কভিড ১৯ ৰ দ্বিতীয় ঢৌ চলি থকাৰ মাজতে কুম্ভমেলা অনুষ্ঠিত কৰিবলৈ দিয়া অনুমতিৰ ফল ইতিমধ্যে ভাৰতবাসীয়ে ভোগ কৰিছেই। এই আশীৰ্বাদ যাত্ৰা যাতে অভিশাপ হৈ নপৰে তাৰ বাবে অসমৰ দল , সংগঠন আৰু ৰাজনৈতিক দলবোৰে সাবধানতা সহকাৰে ইতিবাচক ভূমিকা গ্ৰহন কৰিব লাগিব।
কেইটিমান মাহৰ পিছতে অসমত উপনিৰ্বাচন হোৱাটো প্ৰায় নিশ্চিত। কভিড ১৯ ৰ পৰিস্থিতিত অনুষ্ঠিত হৈ যোৱা দুটাকৈ নিৰ্বাচনত অসমৰ ৰাইজে বাৰুকৈয়ে অভিজ্ঞতা অৰ্জন কৰি থৈছে।কেৱল ৰাজনৈতিক ভাবে লাভলাভকেই সমূখত ৰাখি শাসক আৰু বিৰোধী দলবোৰে নিৰ্বাচনৰ চিন্তা কৰিলে নহ’ব।কভিড ১৯ ৰ প্ৰথমটো ঢৌত বেছিকৈ সংক্ৰমনত ক্ষতি হৈছিল নগৰ আৰু চহৰ অঞ্চলবোৰত ।কিন্তু কভিড ১৯ ৰ দ্বিতীয়টি ঢৌত সংক্ৰমনত পুৰ্বতকৈ বেছিকৈ ক্ষতি গ্ৰস্থ হৈছিল গাৱলীয়া এলেকাবোৰ। আন আন কাৰনৰ লগতে দুটাকৈ নিৰ্বাচনৰ নিৰ্বাচনী সভাবোৰ আছিল ইয়াৰ অন্যতম কাৰন।
সেয়ে শাসক , বিৰোধীৰ লগতে সাধাৰন জনতা তথা সচেতন মহলৰ সামাজিক দায়বদ্ধতাইহে সুশৃংখল ভাবে সাধাৰন জনতাক কভিড ১৯ ৰ তৃতীয় ঢৌৰ ভয়াবহতাৰ পৰা ৰক্ষা কৰিব পাৰিব।