গোৱাৰ অতীত গৌৰৱ ঘূৰাই পাব: আপৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী পালেকাৰ

p.c. TheHindu

গোৱাৰ অতীত গৌৰৱ ঘূৰাই পাব: আপৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী পালেকাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  আগন্তুক গোৱা বিধানসভা নিৰ্বাচনৰ বাবে আম আদমী পাৰ্টিৰ (আপ) মুখ্যমন্ত্ৰী প্ৰাৰ্থী অমিত পালেকাৰে “দুৰ্নীতিমুক্ত গোৱা”ৰ নিশ্চয়তা প্ৰদান কৰে আৰু কয় যে দলটোৱে “গোৱাৰ অতীত গৌৰৱ ঘূৰাই পাব”। “মই কোৱা প্ৰতিটো শব্দ ৰাখিম আৰু সেয়াই মোৰ গেৰাণ্টি,” পালেকাৰে কয়। তেওঁক  দলৰ নেতা অৰবিন্দ কেজৰিৱালে আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা কৰিছিল।