গোৱাত কোভিড-১৯ৰ বাবে ২ আগষ্টৰ পুৱা ৭ বজালৈ সম্প্ৰসাৰিত কৰা হৈছে সান্ধ্য আইন

pc Outlook India

অনলাইন বাৰ্ত্তাসেৱা – গোৱা চৰকাৰে দেওবাৰে ৰাজ্যখনত কোভিড-১৯ৰ বাবে কাৰফিউ ২ আগষ্টৰ পুৱা ৭ বজালৈ বৃদ্ধি কৰে। দিনটোত ৭৫ টা সংক্ৰমণৰ ঘটনা ধৰা পৰাৰ পিছত দেওবাৰে ১,৭০,৪৯১ হৈছেগৈ ৰাজ্যখনৰ কোভিড-১৯ৰ সংক্ৰমণৰ ঘটনা। এতিয়ালৈকে, গোৱাত ৩,১৩২ জন লোকৰ কোভিড-১৯ৰ ফলত মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। উল্লেখ্য, যোৱা ২৪ ঘণ্টাত মৃত্যু হয় ৬ জন লোকৰ।

(UD.)