গোসাইগাঁৱত ব্যক্তিগত বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ অধ্যক্ষ

pc Kashmir Observer

গোসাইগাঁৱত ব্যক্তিগত বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ অধ্যক্ষ

ৰঙিলী বাৰ্ত্তাসেৱা-  গোসাইগাঁও মহকুমাৰ সাপকাটা আৰক্ষী চকীৰ অন্তৰ্গত কাশিয়াবাৰীৰ ৰামদেও গাঁওস্থিত এটি ব্যক্তিগত বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ নিৰ্যাতিত ছাত্ৰীৰ পৰিয়ালে সাপকাটা থানাত দাখিল কৰা এজাহাৰত উল্লেখ কৰামতে ৰামদেও গাঁওস্থিত ডিভাইন মাৰ্ছী ইংলিশ মিডিয়াম স্কুলৰ অধ্যক্ষ ডেভিড ব্ৰাইট বসুমতাৰীয়ে উক্ত স্কুলত পঞ্চম শ্ৰেনীত অধ্যয়নৰত ন বছৰীয়া তিনি গৰাকী ছাত্ৰীক দীৰ্ঘদিনৰ পৰাই যৌন নিৰ্যাতন চলাই আহিছিল যদিও ছাত্ৰী সকলে ভয়তে পৰিয়ালক অৱগত কৰা নাছিল ৷ বিদ্যালয়ৰ হোষ্টেলত থকাৰ সুযোগলৈ পুনৰ লম্পট অধ্যক্ষ গৰাকীয়ে যোৱা নিশা ছাত্ৰী তিনিজনক যৌন নিৰ্যাতন চলোৱাত ছাত্ৰী সকলে পৰিয়ালক অবগত কৰাত সকলো ঘটনা পোহৰলৈ আহে ৷ ভুক্তভোগী ছাত্ৰীৰ পৰিয়ালে আজি বিদ্যালয়ত উপস্থিত হৈ অধ্যক্ষ গৰাকীক শোধ পোচ কৰাত সকলো কথা স্বীকাৰ কৰে বুলি পৰিয়ালৰ লোকে প্ৰকাশ কৰে ৷ ইপিনে ঘটনাৰ খবৰ পাই ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালৰ লোকে বিদ্যালয়ত উপস্থিত হৈ লম্পট অধক্ষ্যৰ বিৰুদ্ধে গজৰী উঠে ৷ খবৰ পাই সাপকাটা আৰক্ষী উপস্থিত হৈ অভিযুক্ত অধ্যক্ষক আটক কৰি গোসাইগাঁও থানাত লৈ আহে ৷ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷