গোলাঘাট ২ নং বৰজান চাৰ্ভে কোম্পানীৰ পৰা অ’ এন জি চিৰ বিষয়াক পহু খেদা ৰাইজৰ : গেটত ওলমাই দিলে তলা

গোলাঘাট ২ নং বৰজান চাৰ্ভে কোম্পানীৰ পৰা অ’ এন জি চিৰ বিষয়াক পহু খেদা ৰাইজৰ : গেটত ওলমাই দিলে তলা

ৰূপাংক বৰুৱাৰ,গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা-  গোলাঘাট জিলাৰ জামুগুৰি আৰক্ষী থানাৰ ২ নং বৰজান স্থিত অ এন জি চি চাৰ্ভে কেম্পৰ পৰা শতাধিক ৰাইজ আৰু স্বৰাজ নিৰ্মাণ গোটে  আজি  অ  এন জি চি ৰ  এজন বিষয়াক পহু  খেদা দি চাৰ্ভে কেম্পত তলা ওলমাই দিয়ে।উল্লেখ্য যে আজি অ এন জি চি চাৰ্ভে কেম্পলৈ বিষয়াজন অহাৰ কথা উমান পায় চাৰ্ভে কেম্পৰটোত ৰাইজ উপস্থিত হৈ এচ কে বৰুৱা উপাধিৰ বিষয়াজনক পহু খেদা দিয়ে স্বৰাজ নিৰ্মাণ গোট আৰু স্থানীয় ৰাইজে। স্বৰাজ নিৰ্মাণ গোটৰ লগত  আলোচনা নোহোৱা পৰ্যন্ত চাৰ্ভে কেম্পত তলা ওলমাই দিয়ে।যি পৰ্যন্ত স্বৰাজ নিৰ্মাণ গোটক চাৰ্ভে কেম্পৰ দায়িত্বত অৰ্পণ নকৰিব সেই পৰ্যন্ত অ এন জি চি য়ে ঠিকা আৱণ্টন দিয়া আগৰৱলা মাৰ্কেটি কোম্পানীৰ সকলো কাম কাজ বন্ধ থাকিব।ইফালে অ এন জি চি বিষয়াজনক বহু সময় ধৰি স্থানীয় ৰাইজে ঘেৰাও কৰি বিভিন্ন প্ৰশ্ন অৱতাৰণা কৰে ।আনহাতে  আজি ২ নং বৰজান স্থিত অ এন জি চি  চাৰ্ভে কেম্পত আজি  শতাধিক ৰাইজৰ লগত আলোচনীপন্থী নেতা প্ৰানজিৎ শইকীয়াৰ লগতে অঞ্চলটোৰ প্ৰায় ২৫ খনৰ শতাধিক ৰাইজ অঞ্চলটোৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন স্বৰাজ নিৰ্মাণ গোটৰ উদ্যোগত সমবেত হয়।উল্লেখ্য যে অ এন জি চি কৰ্তৃপক্ষই ২ নং বৰজান স্থিত চাৰ্ভে কেম্পৰ দায়িত্ব আগৰৱালা মাৰ্কেটিঙ কোম্পানীক  দায়িত্ব অৰ্পণ কৰিছিল বিগত বছৰত।কিন্তু বিগত বছৰৰ অনেক বেমেজালি লগতে শ্ৰমিক উপযুক্ত মাননি নিদিয়া,বিগত বৰ্ষৰ বহু শ্ৰমিকে মজুৰি লাভ নকৰা আদি অনেক অভিযোগ উঠিছিল কোম্পানীৰটোৰ বিৰুদ্ধে।তদুপৰি আগৰৱলা মাৰ্কেটিঙ কোম্পানীয়ে ভুৱা মেনেজমেণ্ট কমিতি বনাই একাংশ দলালক দায়িত্ব অৰ্পণ কৰাত স্থানীয় ৰাইজ সৰৱ হৈ পৰে।কিন্তু  চলিত বৰ্ষত অ এন জি চি চাৰ্ভে কামৰ বিৰুদ্ধে সৰৱ হৈ পৰাৰ লগতে চাৰ্ভে কামৰ সমগ্ৰ দায়িত্ব স্বৰাজ নিৰ্মাণ গোটক দিয়াৰ দাবী তুলে।ঠিক তেনে সময়তে আজি উপস্থিত হ’ল আলোচনাপন্থী আলফা নেতা প্ৰানজিৎ শইকীয়াই।ইফালে নেতাজনে আহিয়েই অ এন জি চি কৰ্তৃপক্ষ আৰু আগৰৱলা মাৰ্কেটি কোম্পানীক অ এন জি চি চাৰ্ভে কামৰ সমগ্ৰ দায়িত্ব স্বৰাজ নিৰ্মাণ গোটক প্ৰদান কৰাৰ লগতে সকলোপক্ষক স্বৰাজ নিৰ্মাণ গোটৰ নেতৃত্বত কাম কাজ কৰিবলৈ আহ্বান জনাই ।কোনো আলোচনাপন্থী আলফা,ছালফা ,কোনো জাতীয় সংগঠন কাম নকৰে বা কৰিবলৈ ইচ্ছা নকৰে।সেয়ে সকলো পক্ষক স্বৰাজ নিৰ্মাণ গোটৰ নেতৃত্বত স্থানীয়  সকলো লোকক একত্ৰিত হৈ সমিল-মিলেৰে কাম কৰিবলৈ আহ্বান জনাই।