গোলাঘাট লায়নছ ক্লাৱৰ উদ্যোগত বিশিষ্ট ব্যক্তিৰ উপস্থিতি ত বিনামূলীয়া প্ৰশিক্ষণ কেন্দ্ৰৰ নবাগত আদৰণি সভা সম্পন্ন

গোলাঘাট লায়নছ ক্লাৱৰ উদ্যোগত বিশিষ্ট ব্যক্তিৰ উপস্থিতি ত বিনামূলীয়া প্ৰশিক্ষণ কেন্দ্ৰৰ নবাগত আদৰণি সভা সম্পন্ন

মৃগাংক বৰুৱা,গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা-  গোলাঘাটত প্রায় ২৪ বছৰে লায়নছ ক্লাবে বিনামূলীয়াকৈ বৃত্তিমূলক প্ৰশিক্ষণ কেন্দ্ৰ চলাই আহিছে আৰু ইয়াত শিক্ষা সম্পূৰ্ণ কৰা বহুতো শিক্ষাৰ্থীয়ে কর্মসংস্থাপন লাভ কৰিবলে সক্ষম হৈছে। কর্মসংস্থাপন লাভ কৰাৰ ক্ষেত্ৰত ক্লাবটিয়ে সহায় কৰি আহিছে। এই বছৰৰ মুঠ শিক্ষাৰ্থী ১৯৯ গৰাকী। এই নবাগত আদৰণি সভাত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে মহকুমাধিপতি(সদৰ) ডঃ সংগিতা বৰঠাকুৰ, হেমপ্ৰভা মহাবিদ্যালয়ৰ অধক্ষ্য দিপা ফুকন বৰুৱা আৰু সমাজসেৱীকা জিনা বৰুৱা।এখেত সকলে স্বাৱলম্বী হোৱাৰ ওপৰত সাৰুৱা বক্তব্য আগবঢ়ায়। গোলাঘাট লায়নছ ক্লাৱৰ সভাপতি ভাস্কৰ কাকতিয়ে ৰঙিলী বাৰ্তা সংবাদদাতা মৃগাংক বৰুৱাৰ আগত নিজ মন্তব্য আগবঢ়ায়।