গোলাঘাট পৌৰসভাৰ প্লাষ্টিকৰ বিৰুদ্ধে অভিযানঃ জব্দ ভালেসংখ্যক বেগ

গোলাঘাট পৌৰসভাৰ প্লাষ্টিকৰ বিৰুদ্ধে অভিযানঃ জব্দ ভালেসংখ্যক বেগ

মৃগাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা- ১ জুলাইৰ পৰা এবাৰ ব্যৱহৃত প্লাষ্টিকৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ পাছত জানিবলৈ পোৱা মতে এতিয়া ঠায়ে ঠায়ে কোনো কোনোৱে ইয়াৰ ব্যৱহাৰ কৰিয়েই আছে। গোলাঘাটটো কিছুমান ব্যৱসায়ীয়ে ইয়াৰ বিক্ৰী আৰু ব্যৱহাৰ কৰি আহিছে বুলি প্ৰমাণ হয় গোলাঘাটৰ উপ পৌৰপতি সিমান্ত বৰাৰ নেতৃত্বত অতৰ্কিতে অভিযান চলাওঁতে। তেনে কেইবাখনো দোকানত অভিযান চলাই প্লাষ্টিকৰ কেৰি বেগ জব্দ কৰাৰ লগতে তেনে ব্যৱসায়ীক ৫০০ টকাকৈ জৰিমনা কৰিছে। প্ৰশাসনে এনে নিষিদ্ধ কেৰিবেগ ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে সকলোকে।