গোলাঘাট জিলাৰ জামুগুৰি প্ৰেছ ক্লাবৰ উদ্যোগত ডিজিটেল আলোচনী “অবিৰাম”ৰ শুভ উন্মোচন

গোলাঘাট জিলাৰ জামুগুৰি প্ৰেছ ক্লাবৰ উদ্যোগত ডিজিটেল আলোচনী “অবিৰাম”ৰ শুভ উন্মোচন

গোলাঘাট জিলাৰ জামুগুৰি প্ৰেছ ক্লাবৰ উদ্যোগত শুক্ৰবাৰে অসমীয়া ডিজিটেল আলোচনী “অবিৰাম”ৰ শুভ উন্মোচন কৰা হয় কম্পিউটেক কম্পিউটাৰ ইনষ্টিটিউট আৰু জামুগুৰি কোচিং চেণ্টাৰৰ” প্ৰেক্ষাগৃহত ।সেই উপলক্ষে জামুগুৰি প্ৰেছ ক্লাবৰ উপ সভাপতি খগেন বৰাৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত অসমীয়া ডিজিটেল মাহেকীয়া আলোচনী “অবিৰাম” আলোচনীখনৰ উন্মোচন কৰে ডিব্ৰু মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° লাচিত শইকীয়া।উন্মোচনী অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে আলোচনীখনৰ সম্পাদক বিতোপন দত্তই,উন্মোচনী অনুষ্ঠানটো আঁত ধৰে আলোচনীখনৰ ব্যৱস্থাপক ৰিতুপন দত্তই,অনুষ্ঠানত সাংবাদিক পাৰ্থ প্ৰতিম শইকীয়া বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে।লগতে সভাতে সাংবাদিক জয়ন্ত হাজৰিকা,চিত্ৰশিল্পী চিত্ৰলেখা কলিতা,কবি মৃগাংগ বৰুৱা, ৰিতুৱাস্তৱ হাজৰিকা,শিল্পী বিনোদ দত্ত ,জামুগুৰি প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি মৃদুল বৰা যুটীয়া সম্পাদক ৰিতু শইকীয়া ,শিক্ষক ছবিন দত্ত আদিৰ উপস্থিতিত আলোচনী উন্মোচন কৰা হয়। এই অনুষ্ঠান “জীৱন” নামৰ এটি কবিতা পাঠ কৰে মৃগাংক বৰুৱাই ।
*********
মৃগাংক বৰুৱাৰ ৰিপোৰ্ট, গোলাঘাট photo👇