গোলাঘাটৰ শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰ পৰিদৰ্শন কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই

pc-facebook
অনলাইন বাৰ্ত্তাসেৱা-  নাম-প্রসংগৰ অমিয়া সুৰেৰে মুখৰ হোৱাৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ গুৰু দুজনাৰ পৱিত্ৰ তিথিৰে উজ্জীৱিত মাহটিৰ পহিলা দিনটোতে অসমবাসীৰ সুখ-শান্তিৰ বাবে বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰাণকেন্দ্ৰ গোলাঘাটৰ শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰ পৰিদৰ্শন কৰি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাই ড০ হিমন্ত বিশ্ব শৰ্মাই ৷ শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰৰ ভক্তিপূৰ্ণ পৰিৱেশত উপস্থিত হ’বলৈ পাই ড০ হিমন্ত বিশ্ব শৰ্মাই নিজকে ধন্য মানে। ড০ হিমন্ত বিশ্ব শৰ্মাই পৰিদর্শন কালত  সহযোগী মন্ত্ৰী শ্রীঅজন্তা নেওগ, মাননীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্রীকেশৱ মহন্ত, মাননীয় কৃষিমন্ত্ৰী শ্রীঅতুল বৰা, মাননীয় সাংসদ শ্রীকামাখ্যা প্ৰসাদ তাছা, মাননীয় বিধায়ক শ্রীবিশ্বজিৎ ফুকন, মাননীয় বিধায়ক ভাস্কৰ বৰুৱা আৰু নামঘৰৰ অন্যান্য কৰ্মকৰ্তাসকলৰ উপস্থিতিত নামঘৰ চৌহদত এটা কাৰ্যালয় ভৱন উদ্বোধন কৰে। ইয়াৰ লগতে ঐতিহ্যমণ্ডিত নামঘৰটিৰ উন্নয়নৰ বাবে ৫ কোটি টকাৰ অনুদান আগবঢ়োৱাৰ কথাও ঘোষণা কৰে ৷