গোলাঘাটৰ জিলাৰ জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত নোগোৰা গাঁৱত পুনৰ বন্যহস্তীৰ উপদ্ৰৱ

গোলাঘাটৰ জিলাৰ জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত নোগোৰা গাঁৱত পুনৰ বন্যহস্তীৰ উপদ্ৰৱ

মৃগাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা-  গোলাঘাটৰ জিলাৰ জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত নোগোৰা গাঁৱত পুনৰ বন্যহস্তীৰ উপদ্ৰৱ।বৃহস্পতি বাৰে নিশা এটি বন্যহস্তী দল প্ৰৱেশ কৰি গাঁৱখনত সন্ত্ৰাস চলোৱাৰ লগতে ।বন্যহস্তীৰ দলটোৱে নোগোৰা গাঁৱৰ অৰ্পূৱ দত্ত আৰু ধ্ৰুুৱ দত্ত দত্তৰ ঘৰত প্ৰৱেশ কৰি ধানৰ ভঁৰাল ভাঙি পেলাই আৰু ধান নষ্ট কৰে ।উল্লেখ্য অঞ্চলটোৰ খেতিয়ক সকলে ধান চপাই ভঁৰাল সোমাইছিলে ।কিন্তু এনেদৰে বন্যহস্তীয়ে নষ্ট কৰাত এই ক্ষেত্ৰত বনবিভাগ বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।আনহাতে জামুগুৰি থানা এলেকাত ওৱাটিং,আইটনীয়া মিৰি গাঁও,গাড়ীগাঁও আদি অঞ্চল সমূহত সন্ত্ৰাস চলাই আহিছে দীৰ্ঘদিনৰ পৰা