গোলাঘাটত অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ লাইখুটা স্থাপন,চিৰ চেনেহী গীতেৰে মুখৰিত

গোলাঘাটত অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ লাইখুটা স্থাপন,চিৰ চেনেহী গীতেৰে মুখৰিত

মৃগাংক বৰুৱা,ৰূপাংক বৰুৱা,গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা-  অহা ২৭ ডিচেম্বৰত গোলাঘাট নগৰৰ সমন্বয় ক্ষেত্ৰত উদযাপিত হ’বলগীয়া জাতীয় সংগঠন অসম সাহিত্য সভাৰ ১০৫ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ লাইখুটা স্থাপনৰ মাংগলিক কাৰ্য আজি সম্পন্ন হৈ যায় । অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া তথা আদৰণি সমিতিৰ সাধাৰণ সম্পাদক দিগন্ত কুমাৰ ভূঞা আৰু কাৰ্যকৰী সভাপতি দেৱজিৎ ফুকনে পৰিচালনা কৰা গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীত গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা উপস্থিত থাকি আনুষ্ঠানিকভাৱে লাইখুটা স্থাপন কৰে । তেওঁ প্ৰতিষ্ঠা দিৱসৰ পৱিত্ৰ কাৰ্যসূচীত সকলো ৰাইজক অংশগ্ৰহণ কৰি সাফল্যমণ্ডিত কৰি তোলাৰ আহ্বান জনাই। অনুষ্ঠানত গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি পৱিত্ৰ বৰবৰাই শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় । সাহিত্য সভাৰ কেন্দ্ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ২৭ ডিচেম্বৰ পুৱা প্ৰায় ৮-৩০ বজাত ১০৫ খন পতাকা উত্তোলন কাৰ্যসূচীত অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়া,উপ-সভাপতি মৃণালীনী দেৱী, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা,অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি প্ৰহ্লাদ চন্দ্ৰ তাচা, প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা, কেন্দ্ৰীয় প্ৰতিনিধি,জিলা সাহিত্য সভাৰ সভাপতি, গোলাঘাট জিলাৰ শাখা সাহিত্য সভা সমূহৰ সভাপতি, জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃত্ব,জ্যেষ্ঠ নাগৰিক,প্ৰবীণ সাংবাদিক,মহাবিদ্যালয়ৰ অধ্যক্ষ আদিয়ে উত্তোলকৰূপে অংশগ্ৰহণ কৰিব । ইয়াৰ পাচতেই অনুষ্ঠিত হ’ব স্মৃতি তৰ্পণ কাৰ্যসূচী । ইয়াৰ পাছতে ১০৫ গৰাকী মহিলাই ‘অ’ মোৰ আপোনাৰ দেশ’ গীত পৰিৱেশন কৰিব। দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ’ব বৰ্ণাঢ্য সাংস্কৃতিক সমাৰোহ আৰু প্ৰতিষ্ঠা দিৱসৰ মুকলি সভা । অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়াৰ পৌৰহিত্যত অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত নাগালেণ্ডৰ সৰ্বোচ্চ আৰু সন্মানীয় অভিভাৱক জাতীয় সংগঠন নগা হোহোৰ অধ্যক্ষ এইচ.কে জিমমীয়ে মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব । মুকলি সভা শুভ উদ্বোধন কৰিব অৰুণাচলৰ বিশিষ্ট লেখক,সাহিত্যিক ,ভাৰতীয় বায়ু সেনাৰ ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত অৱসৰপ্ৰাপ্ত উচ্চ পদস্থ বিষয়া মহন্ত পাংগিঙে ।সভাত অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱী,অসম চৰকাৰৰ মন্ত্ৰী অজন্তা নেওগ,অতুল বৰা,বিধায়ক বিশ্বজিৎ ফুকন,মৃণাল শইকীয়া,ভবেন্দ্ৰ নাথ ভঁৰালী, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ প্ৰসাদ বৰুৱা,অসম জাতীয়তা যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই, গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা,আৰক্ষী অধীক্ষক সুমিত শৰ্মা আদি ব্যক্তিসকলে অংশগ্ৰহণ কৰিব । বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হব।