গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত উত্তৰ মেৰুৰ বৰফীয় আচ্ছাদনৰ মাজত এক প্ৰকাণ্ড গহ্বৰৰ সৃষ্টি

Pc- Clean Bowled

গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত উত্তৰ মেৰুৰ বৰফীয় আচ্ছাদনৰ মাজত এক প্ৰকাণ্ড গহ্বৰৰ সৃষ্টি

ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ মেৰুৰ বৰফীয় আচ্ছাদন গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত ক্ৰমাৎ সংকুচিত হৈ আহিছে। বিশেষজ্ঞসকলে এই বিষয়টোক লৈ বাৰে বাৰে সতর্কবাণী প্ৰদান কৰি আহিছে। জলবায়ু বিজ্ঞানীসকলে এই বিশাল বৰফীয় আচ্ছাদনৰ মাজত এক প্ৰকাণ্ড গহ্বৰৰ সৃষ্টি হোৱা বুলি মন্তব্য কৰিছে।বিজ্ঞানীসকলে ২০২০ চনৰ মেʼ মাহৰ ভিতৰত এই বিশাল গাঁতৰ সৃষ্টি হোৱা বুলি ধাৰণা কৰিছে।  বিজ্ঞানীসকলে যি অংশত এই গহ্বৰ সৃষ্টি হৈছে সেই অংশক উত্তৰ মেৰুৰ আটাইতকৈ স্থিতিশীল বৰফীয় আচ্ছাদন বুলি ধাৰণা কৰিছিল। গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে এই আচ্ছাদনতো গলিব লৈছে। সমগ্র উত্তৰ মেৰুৰ বৰফীয় আচ্ছাদনলৈ নামি আহিছে বিপর্যয়। দ্রুত গতিত গোলকীয় উষ্ণতাৰ প্ৰভাৱে যি হাৰত উত্তৰ মেৰুৰ বৰফীয় আচ্ছাদনৰ গলন আৰম্ভ কৰিছে তাৰ দ্বাৰা পৃথিৱীত বৰফৰ ভাণ্ডাৰ ভবাতকৈ শীঘ্ৰে ধ্বংস হ’ব বুলি আশংকা কৰিছে বিজ্ঞানীসকলে। জলবায়ু বিজ্ঞানীসকলে এই সন্দৰ্ভত সঘনে সতর্কবাণী কৰি বিশ্বৰ প্ৰতিখন দেশক জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা কৰিবলৈ আহ্বান জনাই আহিছে।