গৈ নোপোৱা গাঁৱৰ গৰুৰ কাহিনী   – গায়ত্ৰী দেৱী বৰঠাকুৰ

pc.VectorStock

গৈ নোপোৱা গাঁৱৰ গৰুৰ কাহিনী   

গৈ নোপোৱা গাঁৱত

এদিন ঘটিল এক অঘটন

ঘটনা চাবলৈ গোট খালে

  জানা মানুহ  অগণন

 খঙতে  গছত উঠিল

 এদিন এটা  গৰু

নহয় বোলে মানুহতকৈ

  কোনো কাৰণতে সৰু

              গাখীৰ- গোৱৰেৰে

সাধো মানুহৰ ক’ত  উপকাৰ

পাগুলি- পাগুলি ঘাঁহ খাই

থকাৰ কিনো আৰু দৰকাৰ

কিতাপ- বহী – পেঞ্চিল লৈ

  যাম   ই- স্কুললৈ

ডেলিক্ৰণ আহিলে

অনলাইন  ক্লাচ কৰিম

হাতত মোবাইল লৈ

অ- আ- ক- খ চিনি লৈ

 হ’ম ময়ো  পণ্ডিত

নাথাকো  আউ এৰাল আঁৰি

    গৃহস্থৰ গোহালিত

এ বি চি ডি শিকি লৈ

 ফৰফৰাই ক’ম ইংৰাজী

 চুট- টাই মাৰি লৈ

পামগৈ য়ুনিভাৰ্চিটি

ম’ম খাম, পিজ্জা খাম

আৰু খাম কুৰকুৰী

কিমান নো খাম আৰু

তুঁহ, ভূসি আৰু নিশনি

গছত উঠা গৰুৰ কথাত

সকলোৰে  কপালত উঠিল চকু

গৰুৰ  দুখৰ সমভাগী সবে

আঁহা  একেলগে  চকুপানী টোকোঁ

দেৱতা ৰূপে পূজো তোমাক

কৃষ্ণ নমোৰ সতে

তোমাৰ এনেহেন কথা

সহো বাৰু কিনো সতে

খেতি- খোলাত  কৰাত সহায় কৰা

তাৰেই পূৰাও  আমাৰ উদৰ

বুজি পাই যত্ন লওঁ

কৰোঁ  তোমাৰ বহু   আদৰ

খেতিয়কৰ বন্ধু তুমি

আমাৰ সাৰথি

শাওণৰ পথাৰত

নাঙলত লওঁ যুতি

খঙ- ৰাগ পাহৰি

নামি আঁহা মৰমৰ   গৰু

তোমাৰ মনৰ  কথা লিখি

চৰকাৰলৈ চিঠি এখন

 আমিয়ে লিখিম বাৰু

তোমাৰ দাবী পূৰ্ণ হ’ব

তুমি হ’বা সুখী

 আনন্দতে একেলগে

তুলিম দেই আমি ধুনীয়া   চেল্ফি

গায়ত্ৰী দেৱী বৰঠাকুৰ।
তেজপুৰ।

শোণিতপুৰ–784001