গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকৰ প্ৰ-পত্ৰ পূৰণৰ দিন বৃদ্ধি

Pc The Janambhumi

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকৰ প্ৰ-পত্ৰ পূৰণৰ দিন বৃদ্ধি

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ তিনিবছৰীয়া স্নাতক কলা , বাণিজ্য , বিজ্ঞান আৰু বি – ভক পৰীক্ষাৰ প্ৰ – পত্ৰ পূৰণৰ প্ৰক্ৰিয়া বিগত ২২ অক্টোবৰৰ পৰা আৰম্ভ হৈ ২ নৱেম্বৰত শেষ দিন হিচাপে ধাৰ্য কৰা হৈছিল যদিও ভিতৰুৱা গাঁও অঞ্চলৰ কিছুসংখ্যক ছাত্র – ছাত্রীয়ে এতিয়াও প্ৰ – পত্ৰ পূৰণ নকৰাৰ তথ্য পোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰ – পত্ৰ পূৰণৰ শেষ দিন ৭ নৱেম্বৰলৈ বৃদ্ধি কৰা হৈছে । সেই মর্মে , মহাবিদ্যালয় পর্যায়ত প্ৰ – পত্ৰৰ সত্যাপন আৰু মাচুল সংগ্ৰহৰ প্ৰক্ৰিয়া শেষ কৰাৰ পাছত মহাবিদ্যালয় সমূহে পৰীক্ষাৰ প্ৰ – পত্ৰ সম্পৰ্কীয় সকলো নথি – পত্র বিশ্ববিদ্যালয় কর্তৃপক্ষৰ হাতত জমা দিয়াৰ বাবে ১০ , ১১ আৰু ১২ নৱেম্বৰত নিৰ্ধাৰিত সমূহৰ এখন সূচী ঘোষণা কৰা হৈছে৷আজি এক প্ৰেছ বিবৃতি যোগে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ড° দেৱহৰি তালুকদাৰে কয়-বিগত মে মাহত অনুষ্ঠিত স্নাতক দ্বিতীয় আৰু চতুর্থ ষান্মাসিক পৰীক্ষা , ২০২২ ৰ মূল্যায়ন মণ্ডল সমূহৰ অন্তৰ্গত একাংশ মূল্যায়কৰ হেমাহিৰ বাবে মাণ্ডলিক বিষয়াসকলে মূল্যায়ন মণ্ডলৰ প্রতিবেদন আৰু যাৱতীয় নথি – পত্ৰ বিশ্ববিদ্যালয় কর্তৃপক্ষক জমা দিব নোৱৰাৰ পৰিপ্ৰেক্ষিতত এই দুয়োটা পৰীক্ষাৰ ফলাফল ঘোষণাত বিলম্ব হোৱাৰ সম্ভাৱনা দেখা দিছে । এনে পৰিস্থিতিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা প্ৰশাসনৰ তৰফৰ পৰা সংশ্লিষ্ট সকলো পক্ষকে নিজ – নিজ দায়িত্ব পালন কৰি ৪ নৱেম্বৰৰ আগত চতুৰ্থ ষান্মাসিক আৰু ৮ নৱেম্বৰৰ আগত দ্বিতীয় ষান্মাসিক পৰীক্ষাৰ মূল্যায়ন মণ্ডলৰ নথিপত্ৰ সমূহ জমা দিয়াৰ বাবে জনোৱা হ’ল । বিশ্ববিদ্যালয় অনুদান আয়োগ আৰু ষান্মাসিক ব্যৱস্থা অনুসৰি , অবিৰত আৰু বিস্তত মূল্যায়ন ব্যৱস্থাৰ অন্তৰ্গত আভ্যন্তৰীণ মুল্যায়নৰ এক গুৰুত্বপূৰ্ণ আৰু বাধ্যতামূলক উপাদান হিচাপে ছাত্র – ছাত্রী সকলৰ শ্ৰেণীকোঠাৰ উপস্থিতিৰ তথ্যক পৰীক্ষাৰ প্ৰ – পত্ৰ সত্যাপন আৰু অনুমোদনৰ ক্ষেত্ৰত সংলগ্ন কৰি বিষয়টোক গুৰুত্ব সহকাৰে বিবেচনা কৰিবলৈ নিৰ্দেশ জাৰি কৰা হ’ল৷