গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী হেদায়ৎ আলীৰ দুৰ্ঘটনাত মৃত্যু

p.c Ipleaders

গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী হেদায়ৎ আলীৰ দুৰ্ঘটনাত মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী বিশ্ববিদ্যিলয়ৰ কৰ্মচাৰী,ধীৰেনপাৰাৰ নিবাসী হেদায়ৎ আলীৰ আজি চিকিৎসাধীন অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়৷মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৭ বছৰ৷তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে৷আলী সহজ সৰল অমায়িক স্বভাৱৰ লোক আছিল৷তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত চাকৰি কৰাৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল৷উল্লেখ্য,দুদিনমান আগতে আন দিনাৰ দৰে সিদিনাও ঘৰৰ অৱশিষ্ট জাৱৰ ডাষ্টবিনত পেলাব যাওঁতে এখন মটৰচাইকেল আৰহীয়ে খুন্দিয়াই গুৰুতৰভাৱে আঘাত কৰে৷তাৰ পাছতে জিএমচিএইচত ভৰ্তি কৰাই যদিও আজি মৃত্যুক সাৱটি লয়৷ মৃত্যুৰ সময়ত পত্নী,দুজনী কন্যাসহ অনেক গুণমুগ্ধক এৰি যায়৷