গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষই সকলো ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তি বন্ধ কৰাৰ নিৰ্দেশ জাৰি জগদীশ মুখীৰ

pc Sentinel Assam.jpg

অনলাইন বাৰ্ত্তাসেৱা – অসমৰ ৰাজ্যপাল তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচার্য জগদীশ মুখীৰ নিৰ্দেশ মৰ্মে গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষই সকলো ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তি বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰে। ৩০ জুনৰ পাছতো কার্যকাল বাহাল থাকিবলগীয়া ঠিকাভিত্তিক শিক্ষকসকলৰ ক্ষেত্ৰতো এই নির্দেশ প্রযোজ্য হোৱাৰ কথা নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ অসম ৰাজ্যিক কমিটীয়ে এই নিৰ্দেশ বাতিল কৰাৰ দাবী জনাই। এক প্ৰেছ বিজ্ঞপ্তিত সংগঠনটোৰ সভাপতি কাশ্যপ চৌধুৰী আৰু সম্পাদক নিৰংকুশ নাথে কয়ঃ আচাৰ্যৰ কঠোৰ নিৰ্দেশৰ ফলত বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিভাগত ২০১৮ বা তাৰ পূৰ্বৰে পৰাই সেৱা আগবঢ়াই অহা ৬৫জন ঠিকাভিত্তিক শিক্ষকক অব্যাহতি প্রদান কৰিবলগীয়া হোৱাত বিশ্ববিদ্যালয় কর্তৃপক্ষ বিমোৰত পৰিছে। আনকি, বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ড° প্রতাপজ্যোতি – সন্দিকৈয়ে এইক্ষেত্ৰত অসহায়তা প্রকাশ কৰি এই নিৰ্দেশৰ ফলত আইন বিভাগ, গণসংযোগ আৰু সাংবাদিকতা বিভাগ আদি পর্যাপ্ত স্থায়ী শিক্ষক নথকা শৈক্ষিক বিভাগসমূহে পাঠ্যক্রম অব্যাহত ৰখাত অত্যাধিক অসুবিধাৰ সন্মুখীন হ’ব বুলি সংবাদমাধ্যমৰ আগত উল্লেখ কৰিছে। ইতিমধ্যে বিভাগীয় মুৰব্বীসকলেও পূর্ণকালীন স্থায়ী শিক্ষক নিযুক্তি নোহোৱা পর্যন্ত ঠিকাভিত্তিক শিক্ষকসকলৰ নিযুক্তি বাহাল ৰখাৰ পক্ষে মত পোষণ কৰাৰ কথা সংবাদমাধ্যমত প্রকাশ পাইছে।

(UD.)