গুৱাহাটী প্ৰেছ ক্লাবত ‘সৱন্তী’ উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাবত ‘সৱন্তী’ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা – গুৱাহাটী প্ৰেছ ক্লাবত ড° কাশ্মিৰী গগৈ বৰুৱাৰ প্ৰথম খন উপন্যাস ‘সৱন্তী’ উন্মোচন হয় । উন্মোচন কৰে লেখক ,অনুবাদক, সাহিত্য অকাডেমী বঁটা প্ৰাপক বিপুল দেউৰীয়ে । উন্মোচনী ভাষণত তেওঁ কয় যে বিশ্ব সাহিত্যত উপন্যসৰ যি ধাৰা প্ৰচলিত হৈ আহিছে সেই ধাৰা অসমীয়া উপন্যাসত বিদ্যমান নহয় ,বিশ্বসাহিত্যৰ উপন্যাসৰ বিমূৰ্ত চৰিত্ৰ সমূহ অসমীয়া উপন্যাসত দেখা নেযায়। লগতে তেওঁ কয় সাম্প্ৰতিক সময়ৰ উপন্যাসত অসমীয়া লেখিকাই প্ৰাধান্য বিস্তাৰ কৰি আহিছে। এই সভাত উপস্থিত থাকে লেখক ,নিবন্ধকাৰ ৰিপুঞ্জয় গগৈ , কামৰূম মেট্ৰৰ অতিৰিক্ৰ উপায়ুক্ত কল্পনা ডেকা , কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক তথা সুলেখক সুশান্ত কুমাৰ কাশ্যপ , কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষা ড° শিখামণি কোঁৱৰ । ড°মৰমী চৌধুৰীয়ে আঁত ধৰা অনুষ্ঠানটিৰ আৰম্ভ হয় চন্দ্ৰাশ্ৰী চক্ৰৱৰ্তীৰ এটি গোৱালপৰীয়া লোক গীতেৰে। শলাগৰ শৰাই আগবঢ়াই ডলী গগৈয়ে।