গুৱাহাটী প্ৰেছ ক্লাবত ‘শব্দ শিল্প বঁটা’ আৰু ‘শব্দ শিল্প সাধনা বঁটা’ প্ৰদান

গুৱাহাটী প্ৰেছ ক্লাবত ‘শব্দ শিল্প বঁটা’ আৰু ‘শব্দ শিল্প সাধনা বঁটা’ প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা- ’লেখকসকল নিজে নিজৰ সমালোচক হ’ব লাগে৷নিজৰ নিৰ্মোহ সমালোচনাইহে সাহিত্যক উন্নত কৰিব পাৰে৷’-এই মন্তব্য বিশিষ্ট ঔপন্যাসিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ৷আজি গুৱাহাটী প্ৰেছ ক্লাবত শব্দ শিল্প প্ৰকাশন গোষ্ঠীয়ে আয়োজন কৰা বঁটা প্ৰদান অনুষ্ঠানত তিনিগৰাকী ঔপন্যাসিকাক বঁটা প্ৰদান কৰি এইদৰে কয় দেৱ চৌধুৰীয়ে৷২০২১ বৰ্ষৰ শব্দ শিল্প বঁটা লাভ কৰে ‘বনানীৰ বাটেৰে ‘ উপন্যাসৰ বাবে ঔপন্যাসিকা চন্দ্ৰমা শৰ্মাই।২০২১ বৰ্ষৰ শব্দ শিল্প সাধনা বঁটা লাভ কৰে ‘গুণাভিৰাম’ উপন্যাসৰ বাবে মঞ্জু দত্ত বৰুৱা আৰু ‘মোৰ সত্তা’ উপন্যাসৰ বাবে মল্লিকা বেগমে। গ্ৰন্থ সমূহ উন্মোচন কৰে ক্ৰমে শিশু সাহিত্যৰ অকাডেমি বঁটা প্ৰাপ্ত বিশিষ্ট লেখিকা হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি, লেখিকা সংস্থা অসমৰ প্ৰাক্তন সভানেত্ৰী মঞ্জুলা ভট্টাচাৰ্য্য আৰু লেখিকা সংস্থা অসমৰ বৰ্তমানৰ সভানেত্ৰী মৃদুলা শৰ্মাই।সভাত বিশিষ্ট সাহিত্যিক বৰ্ণালী ভৰালী আৰু অধিবক্তা সত্যেন্ শৰ্মাই ভাষণ প্ৰদান কৰে।জ্যেষ্ঠ সাংবাদিক চন্দন ভাগৱতীয়ে আঁত ধৰা সভাত আদৰণি ভাষণ দিয়ে প্ৰকাশক পুষ্পাঞ্জলি গোস্বামীয়ে৷