গুৱাহাটী প্ৰেছ ক্লাবত বুষ্টাৰ ডজ

pcDeccan Herald

গুৱাহাটী প্ৰেছ ক্লাবত বুষ্টাৰ ডজ

ৰঙিলী বাৰ্ত্তাসেৱা-   মহানগৰীৰ কৰ্তব্যৰত সাংবাদিক- সংবাদ কৰ্মীৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবে হাতত লৈছে আন এক কল্যাণকামী পদক্ষেপ। ২২ মাৰ্চৰ পৰা গুৱাহাটী প্ৰেছ ক্লাবত প্ৰদান কৰা হৈছে বুষ্টাৰ ডজ। ক’ভিড-১৯ৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ যুঁজ অব্যাহত আছে। কৰ’নাৰ সংহাৰৰ সময়ত গুৱাহাটী প্ৰেছ ক্লাবে সাংবাদিক- সংবাদ কৰ্মীৰ মাজত সফলতাৰে প্ৰদান কৰিছিল ভেকচিনৰ দুটা ডজ। কাৰ’নাক সম্পূৰ্ণৰূপে পৰাস্ত কৰাৰ বাবে অতি প্ৰয়োজনীয় বুষ্টাৰ ডজ প্ৰদান কৰি থকা হৈছে এক শিবিৰত।উক্ত বুষ্টাৰ ডজ গ্ৰহণ কৰিবলৈ গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে অনুৰোধ জনাইছে৷