গুৱাহাটী প্ৰেছ ক্লাবত দোতাৰাৰ চিত্ৰাংকনৰ প্ৰতিযোগিতাৰ বঁটা বিতৰণ

pc vector stock

গুৱাহাটী প্ৰেছ ক্লাবত দোতাৰাৰ চিত্ৰাংকনৰ প্ৰতিযোগিতাৰ বঁটা বিতৰণ

ৰঙিলী বাৰ্ত্তাসেৱা-  দোতাৰা সাংস্কৃতিক সমাজ আৰু দোতাৰা একাডেমি অৱ মিউজিক এন্দ পাৰ্ফৰ্মিং আৰ্টছৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত অংকন প্ৰতিযোগিতাৰ বঁটা বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়৷সভাপতি কুনাল ভট্টাচাৰ্যই উদ্দেশ্য ব্যাখ্যা কৰা সভাত বিশিষ্ট চিত্ৰশিল্পী ক্ষমা চক্ৰৱৰ্তী,শ্ৰাবণী মজুমদাৰ,কল্প এডুকেশ্বনৰ স্বত্বাধিকাৰী চন্দ্ৰাণী ভট্টাচাৰ্য,অন্তৰা ভট্টাচাৰ্য উপস্থিত থাকে৷ সভাত ’ক’ শাখাত প্ৰথম দেৱ সাহা,দ্বিতীয় চোৰজানছ ছেত্ৰী,তৃতীয় সমযুক্তা ঘোষ,’খ’ শাখাত প্ৰথম প্ৰিয়ানা নাথ,দ্বিতীয় প্ৰিয়াংসী ৰয়,তৃতীয় আনিষা আচাৰ্য,’গ’ শাখাত প্ৰথম অনিৰুদ্ধ দত্ত,দ্বিতীয় দিক্ষিতা কাশ্যপ,তৃতীয় অনিকেট ৰয় চৌধুৰী,’ঘ’ শাখাত প্ৰথম তাজিম বসুমতাৰী,দ্বিতীয় ছানিহা দাস,তৃতীয় শ্ৰুতি ৰয়,’ঙ’ শাখাত প্ৰথম প্ৰকাশ ৰাম,দ্বিতীয় সুজাতা দাস,তৃতীয় বৰ্ণালী সৰকাৰক বঁটা প্ৰদান কৰে৷শলাগৰ শৰাই আগবঢ়াই সাধাৰণ সম্পাদক পাৰ্বতী ভট্টাচাৰ্যই৷