গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত অসমীয়া ভোটাৰৰ নিৰ্ণায়ক ক্ষমতা নিঃশেষ কৰাৰ ষড়যন্ত্ৰ: জাতীয় পৰিষদ

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত অসমীয়া ভোটাৰৰ নিৰ্ণায়ক ক্ষমতা নিঃশেষ কৰাৰ ষড়যন্ত্ৰ: জাতীয় পৰিষদ

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী পৌৰ নিগমৰ এলেকাধীন ৩১টা ৱাৰ্ড নতুনকৈ ৬০টা ৱাৰ্ডলৈ বৃদ্ধি কৰি সম্পূৰ্ণ বেআইনী প্ৰক্ৰিয়াৰে পুনৰ নিৰ্ধাৰণ কৰিব বিচৰা কাৰ্য্য অসম জাতীয় পৰিষদে তীব্র বিৰোধিতা কৰিছে।এইক্ষেত্ৰত এক সংবাদ মেল সম্বোধন কৰি দলৰ সম্পাদক প্ৰিন্স ফাইজুল হক, যুটীয়া সম্পাদক গিৰীন তালুকদাৰ আৰু মহানগৰ জিলাৰ সম্পাদক প্ৰণৱ ডেকাই কয় যে সকলো নিয়ম-নীতি ভৰিৰে মোহাৰি একমাত্ৰ বিজেপি দলৰ ৰাজনৈতিক স্বাৰ্থত ৱাৰ্ড সমূহৰ পুনৰনিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। অতি পৰিকল্পিতভাৱে এই ষড়যন্ত্ৰৰ জৰিয়তে ৱাৰ্ড সমূহৰ নিৰ্বাচনত অসমীয়া ভোটাৰৰ নিৰ্ণায়ক ক্ষমতা নিঃশেষ কৰিব বিচৰা হৈছে। অসম জাতীয় পৰিষদে জাতীয় স্বাৰ্থ বিঘ্নিত কৰিব বিচৰা এই ষড়যন্ত্ৰ মানি নলয়। দলে ইয়াৰ বিৰুদ্ধে তীব্র প্ৰতিবাদ কৰি যাব। দলৰ তৰফৰ পৰা ইতিমধ্যে পৌৰ নিগম কৰ্তৃপক্ষক কেইবাখনো স্মাৰক প্ৰদান কৰি সমগ্র প্ৰক্ৰিয়াটোৰ আসোঁৱাহ সমূহ দেখুৱাই দিয়া হৈছে। স্মাৰক পত্ৰ প্ৰদান কালত হোৱা আলোচনাত বিস্তৃত ভাবে প্ৰতিটো নীতি বহিৰ্ভূত কাৰ্য্য আঙুলিয়াই দিয়া হৈছে। পৌৰ নিগম কৰ্তৃপক্ষই এই ক্ষেত্ৰত বিহীত ব্যৱস্থা গ্ৰহণ নকৰিলে অসম জাতীয় পৰিষদে ইয়াৰ বিৰোধিতা কৰি যাব।শেহতীয়াকৈ ১৯ জানুৱাৰীত নিগমৰ অযুক্তিক প্ৰদান কৰা স্মাৰক পত্ৰ খনত পুনৰ তিনিটা গুৰুত্বপূৰ্ণ বিষয় সংযোজন কৰি এইক্ষেত্ৰত বিহীত ব্যৱস্থা নহলে আইনৰ সাহায্য গ্ৰহণ কৰা হ’ব বুলি স্পষ্ট ৰূপত প্ৰকাশ কৰা হয়। উক্ত স্মাৰক পত্ৰত কোৱা হয় যে অসম জাতীয় পৰিষদৰ তৰফৰ পৰা আপোনাক অৱগত কৰিব বিচাৰোঁ যে যোৱা ১৭/০১/২২ তাৰিখে প্ৰসংগ নং AJP/GMC/2022/02 পত্ৰৰ দ্বাৰা গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডসমূহৰ সবিশেষ তথ্য তথা পুনঃনিৰ্ধাৰণ কৰি পূৰ্বৰ ৩১ টা ৱাৰ্ডৰ পৰা ৬০ টা ৱাৰ্ডলৈ বৃদ্ধি কৰাৰ সিদ্ধান্তৰ ক্ষেত্ৰত ইতিমধ্যে আমি আমাৰ মতামত আগবঢ়াইছোঁ। তাৰ লগতে সংগতি ৰাখি এই পত্ৰৰ যোগে সন্মানীয় মহোদয়ক গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডৰ পৰিসীমা নিৰ্ধাৰণৰ সন্দৰ্ভত কেইটামান অতি জৰুৰী মন্তব্য আমি পুনৰ দোহাৰিব বিচাৰিছোঁ ৷ তলত মন্তব্যসমূহ উল্লেখ কৰা হ’ল। পৌৰ নিগম অন্তৰ্গত নতুনকৈ প্ৰস্তাৱিত ৬০ টা ৱাৰ্ডৰ পৰিসীমা ৰাজহুৱাভাৱে সকলোকে অৱগত কৰিব লাগে যাতে অন্য ৰাইজৰো এইক্ষেত্ৰত কিবা আপত্তি থাকিলে সেয়া দৰ্শাব পাৰে ৷ সেই পৰিসীমাত পথৰ নাম, অন্যান্য সীমাংকসূচক চিহ্নৰ নাম আদি উল্লেখ কৰিব পাৰে ৷ আপোনালোকৰদ্বাৰা প্ৰকাশিত ৱাৰ্ডৰ মানচিত্ৰতখনত দেখা যায় যে পানীখাইতি পঞ্চায়ত আৰু আমচিং পঞ্চায়ত কিছু অংশ অন্তৰ্ভুক্ত কৰা হৈছে, পঞ্চায়তৰ অন্তৰ্ভুক্ত অঞ্চল যদি গুৱাহাটী পৌৰনিগমৰ অধীনত হয় তেন্তে চৰকাৰী নীতি অনুসৰি অধিসূচনা জাৰি কৰিহে ল’ব পাৰি কিন্তু আমি জনাত তেনে কোনো অধিসূচনা জাৰি কৰা দেখা পোৱা নাই ৷ গতিকে এই সন্দৰ্ভত আপুনি চৰকাৰী অধিসূচনা জাৰি কৰি পঞ্চায়তৰ কোনো অংশ যদি অন্তৰ্ভুক্ত কৰিছে সেয়া আমাক উপযুক্ত প্ৰমাণসহ জনাব লাগে ৷আপোনালোকৰদ্বাৰা জাৰি কৰা মানচিত্ৰ অনুসৰি পূব গুৱাহাটী বিধানসভা সমষ্টিত বৰ্তমান আপোনালোকে পূৰ্বৰ ২৩ টা ৱাৰ্ডৰ পৰিৱৰ্তে ১৮ টা ৱাৰ্ডলৈ হ্ৰাস কৰা দেখা গৈছে, আমি আপোনাক জনাব বিচাৰোঁ যে সেই সমষ্টিত বিগত সময়তকৈ জনসংখ্যা বাঢ়িছে, যোৱা ১৯৯৫ আৰু ২০০৩ চনৰ পৌৰনিগম নিৰ্বাচনত মুঠ ২৩ টা ৱাৰ্ডত নিৰ্বাচন হৈছিল, ২০২১ বৰ্ষত বিগত বছৰকেইটাতকৈ পূব গুৱাহাটী সমষ্টিত জনসংখ্যাৰ লগতে ভোটাৰ যথেষ্ট বৃদ্ধি হোৱা দেখা যায়, আমি আচৰিত হৈছোঁ যে জনসংখ্যা বৃদ্ধিৰ পাছতো ৱাৰ্ডৰ সংখ্যা ২৩ ৰ পৰা ১৮ লৈ অৱনমিত কৰা হৈছে ৷ গতিকে কি যুক্তিৰ আধাৰত উক্ত সমষ্টিৰ ৱাৰ্ডৰ সংখ্যা ২৩ টাৰ পৰা ১৮ টালৈ অৱনমিত কৰা হ’ল সেই বিষয়ে আমাক তথ্যসহকাৰে জনাব লাগে ৷ ইয়াৰ উপৰি দেখা যায় দিছপুৰ বিধানসভা সমষ্টিত আপোনালোকে ৱাৰ্ডৰ সংখ্যা পূৰ্বৰ ১৬ টাৰ পৰা ২০ টালৈ বৃদ্ধি কৰিছে, তেনেদৰে জালুকবাৰী সমষ্টিতো ১ টা ৱাৰ্ডৰ সংখ্যা বৃদ্ধি কৰা দেখা গৈছে ৷ এই ৱাৰ্ডৰ সংখ্যা বৃদ্ধি কৰা বা হ্ৰাস কৰাটো জনসংখ্যা অনুপাতে হৈছে নে আপোনালোকৰ নিজ ইচ্ছা অনুসৰি হৈছে সেয়া আমাক অৱগত কৰিলে ভাল হয় ৷ ওপৰি উক্ত বিষয়কেইটাৰ বিষয়ে কোনো আলোচনা নোহোৱাকৈ যদি আপোনালোকে খচৰাখন গ্ৰহণ কৰে তেন্তে হয়তো গোটেই ৱাৰ্ডৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোতে ব্যাঘাত জন্মিব আৰু হয়তো আমি বা অন্য ব্যক্তিয়েও আইনৰ সহায় ল’বলৈ বাধ্য হ’ব ৷ গতিকে আমি অনুৰোধ কৰিব বিচাৰোঁ যে আপোনালোকে সমগ্ৰ প্ৰক্ৰিয়াটো স্বচ্ছতাৰে তথা কোনো ৰাজনৈতিকভাৱে প্ৰভাৱিত নোহোৱাকৈ সমাধানৰ পথ গ্ৰহণ কৰিব। এইক্ষেত্ৰত আপোনালোকে যেতিয়াই বিচাৰে আমি আমাৰ সহযোগিতা আগবঢ়াবলৈ সাজু থাকিম ৷