গুৱাহাটী দৌলৎসৱ উদ্‌যাপন সমিতিৰ দৌলৎসৱৰ আয়োজন

pc Karnataka Tourism

গুৱাহাটী দৌলৎসৱ উদ্‌যাপন সমিতিৰ দৌলৎসৱৰ আয়োজন

ৰঙিলী বাৰ্ত্তাসেৱা-  বৃহত্তৰ গুৱাহাটী দৌলৎসৱ উদ্‌যাপন সমিতিয়ে দিছপুৰত কেন্দ্ৰীয়ভাৱে সত্ৰীয়া পৰম্পৰাৰে দৌলৎসৱ উদ্‌যাপন কৰি আহিছে৷এই বছৰো ২০ সংখ্যক দৌলৎসৱ ১৭-১৮ মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে দিছপুৰ নামঘৰ প্ৰাংগণত অনুষ্ঠিত হ’ব৷এই উপলক্ষে ৬-১৩ মাৰ্চলৈ বিয়লি ৪ বজাৰ পৰা হোলীগীতৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে৷১৭ মাৰ্চত সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ লগতে হোলীগীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা৷১৮ মাৰ্চত পুৱাৰ ভাগত সদৌ অসম ভিত্তিত হোলীগীত প্ৰতিযোগিতা,দুপৰীয়াৰ ভাগত ভাগৱত ভ্ৰমণ আৰু দোলাসহ সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হ’ব৷হোলীগীত আৰু হোলী নৃত্যৰ প্ৰতিযোগী দলসমূহক সমিতিৰ সাধাৰণ সম্পাদক মাধৱ পাঠক তথা ৯৪৩৫৬৩৭১০১ নম্বৰত যোগাযোগ কৰিব পাৰে৷আনহাতে আন কাৰ্যসূচীৰ ভিতৰত নাম প্ৰসংগ,ভাগৱত পাঠ,উদ্‌যাপন সমিতিৰ মুখপত্ৰ ’হোলী’ উন্মোচন,মেজি দাহ,আতচবাজি প্ৰদৰ্শন,তেলীয়া বাঁহৰ পৰা কলহ অনা খেলকে আদি কৰি অনুষ্ঠানৰ শেষত নামঘৰ প্ৰাংগণত বাঁহ ভঙা পৰ্বৰে দৌলৎসৱৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে সামৰণি পৰিব৷