গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত নতুনকৈ ২৮ খন আই চি ইউ বেডৰ সংযোজন

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত নতুনকৈ ২৮ খন আই চি ইউ বেডৰ সংযোজন

বাৰ্তাসেৱা- গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত নতুনকৈ ২৮ খন আই চি ইউ বেডৰ সংযোজন ঘটোৱা হয়। লোক নিৰ্মাণ বিভাগে সাজি উলিওৱা আন্তঃগাঁথনিত ততাতৈয়াকৈ ২৮ খনকৈ আই চি ইউ বেড সংযোজিত কৰাৰ মুহূৰ্তত এই সমগ্ৰ আন্তঃগাঁথনিটো আনুষ্ঠানিকভাৱে উন্মোচন কৰি মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই আজি কয় যে কোভিড আক্ৰান্ত হৈ জি এম চি এইচৰ আই চি ইউত থকা যিসকল ৰোগী ইতিমধ্যে নিগেটিভ হৈছে অথচ আই চি ইউ চিকিৎসাৰ প্ৰয়োজন হৈ ৰৈছে, তেনে নিগেটিভ ৰোগীসকলক এই নতুন ২৮ খন বিছনাযুক্ত আই চি ইউ কক্ষটোলৈ স্থানান্তৰ কৰা হ’ব। তেনেস্থলত কোভিড পজিটিভৰ বাবে থকা পূৰ্বৰ আই চি ইউৰ ২৮ খন বিছনা তাৎক্ষণিকভাৱে খালী হ’ব। স্বাস্থ্য মন্ত্রী কেশৱ মহন্তৰ উপস্থিতিত জি এম চি এইচত নতুন আই চি ইউ কক্ষটো উন্মোচন কৰি মুখ্যমন্ত্ৰীয়ে এই কথাও কয় চন যে  কালাপাহাৰৰ কোভিড হস্পিতালতো ১০ খন আই চি ইউ বিছনা নতুনকৈ সংযোজন কৰা হ’ব। আকৌ অহা ১০-১৫ দিনৰ ভিতৰত জি এম চি এইচত পুনৰ ২৮খন আই চি ইউ বিছনা আৰু কালাপাহাৰতো ১০খন আই চি ইউ বিছনা সাজু হৈ উঠিব। একেদৰে অহা ১৫ জুনৰ ভিতৰত জি এম চি এইচৰ পাৰ্কিং এলেকাত নির্মাণ অব্যাহত ৰখা আই চি ইউ কক্ষটোৰ দুশখন বিছনা সাজু হৈ উঠিব। গতিকে কোভিড আক্রান্তক চিকিৎসা কৰিবলৈ ৰাজ্যত আই চি ইউ বিছনাৰ সংখ্যা পর্যাপ্ত হ’ব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ড শৰ্মাই কয় যে ৰাইজৰ সজাগতা আৰু চৰকাৰে গ্ৰহণ কৰা কঠোৰ ব্যৱস্থাৱলীৰ বাবে কোভিডজনিত পৰিস্থিতি ক্ৰমশঃ ভাললৈ আহিছে। অহা সাতদিনৰ ভিতৰত ৰাজ্যবাসীয়ে অলপ ভাল খবৰ পাব আৰু অহা ১৫ জুনৰ ভিতৰত কোভিডে সৃষ্টি কৰা ভয়ংকৰ পৰিৱেশৰ পৰা মুক্তি পাবলৈ ৰাজ্যবাসীয়ে সম্পূৰ্ণ ভাল খবৰ পাব বুলি ইংগিত দিয়ে মুখ্যমন্ত্রী ড শৰ্মাই। মুখ্যমন্ত্ৰীয়ে দৈনিক ৰাজ্যখনত এক লাখ লোকক কোভিড পৰীক্ষা কৰাৰ জটিল দায়িত্ব কাৰ্যকৰীকৰণৰ বাবে স্বাস্থ্য বিভাগক ধন্যবাদ জনাই কয় যে পজিটিভিটিৰ হাৰ ৫.৬৮ শতাংশলৈ অৱনমিত হোৱাটো এটা ইতিবাচক খবৰ।