গুৱাহাটী কমাৰ্চ কলেজ প্রাক্তন শিক্ষার্থী সন্মিলনৰ কাৰ্যনির্বাহক সভা

গুৱাহাটী কমাৰ্চ কলেজ প্রাক্তন শিক্ষার্থী সন্মিলনৰ কাৰ্যনির্বাহক সভা

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী কমাৰ্চ কলেজ প্রাক্তন ছাত্র-ছাত্রী সন্মিলন (এলকম)ৰ নতুন কমিটীৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা ১১ মার্চত অনুষ্ঠিত হয়। উক্ত সভাত সভাপতিত্ব কৰে বিশিষ্ট ব্যৱসায়ী অনিল গোৱেংকাই। সভাত মহাবিদ্যালয় আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বাংগীণ উন্নতিৰ বাবে বহু কাৰ্যপন্থা হাতত লয়। সাধাৰণ সম্পাদক জয়ন্ত তালুকদাৰে জনোৱামতে আগত দিনত মহাবিদ্যালয়খনৰ আৰ্থিকভাৱে দুৰ্বল মেধাসম্পন্ন ১০ গৰাকী শিক্ষাৰ্থীৰ পঢ়া শুনাৰ দায়িত্ব বহন কৰিব সন্মিলনৰ সমিতিয়ে। ইয়াৰ ৫ গৰাকীৰ সভাপতি অনিল গোৱেংকা আৰু ৫ গৰাকীৰ উপ-সভাপতি অজয় নাওকাই দায়িত্ব লয়। ইয়াৰ উপৰি চতুৰ্থ প্রাক্তন ছাত্র-ছাত্রী মিলন অনুষ্ঠান মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ১১ ছেপ্টেম্বৰত অনুষ্ঠিত কৰা হ’ব। সভাত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° হোমেশ্বৰ কলিতাই বক্তব্য আগবঢ়ায়। সভাপতি অনিল গোৱেংকা আৰু সাধাৰম সম্পাদক জয়ন্ত তালুকদাৰে প্ৰাক্তন শিক্ষার্থীসকলক এলকমৰ সৈতে জড়িত হ’বলৈ আহ্বান জনায়।