গুৱাহাটী-অৰুণাচল প্ৰদেশৰ তেজুলৈ বিমান সেৱা

pc- Business Traveller

গুৱাহাটী-অৰুণাচল প্ৰদেশৰ তেজুলৈ বিমান সেৱা

অনলাইন বাৰ্ত্তাসেৱা– ভাৰত চৰকাৰে অসমসহ উত্তৰ-পূ্ৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত আঞ্চলিক যোগাযোগ আঁচনি(আৰ চি এছ)ৰ অধীনত পোনপটীয়া যাত্ৰীবাহী বিমান সেৱা আৰম্ভ কৰিছে। ‘ফ্লাইবিগ’ নামৰ বিমান পৰিবহণ সংস্থাটোৱে ১৯ আগষ্টৰ পৰা গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ তেজুলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ কৰিব। ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ বৰঝাৰস্থিত উত্তৰ-পূৰ্ব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক ৰবি কান্তে জানিবলৈ দিয়া মতে প্ৰথম পৰ্যায়ত গুৱাহাটীৰ পৰা তেজুলৈ আৰু তেজুৰ পৰা গুৱাহাটীলৈ ১৯ আগষ্টৰ পৰা ৩০ অক্টোবৰলৈ প্ৰতি সপ্তাহত চাৰিদিনকৈ বিমান চলাচল কৰিব। প্ৰতি সপ্তাহৰ মঙলবাৰ, বৃহস্পতিবাৰ, শনিবাৰ আৰু দেওবাৰে ‘এ টি আৰ-৭২-৫০০’ শ্ৰেণীৰ ৭২খন আসনযুক্ত বিমানখন বৰঝাৰৰ পৰা তেজুলৈ যাত্ৰা কৰিব। ১৫ আগষ্টত তেজু বিমানবন্দৰত বিমানখনৰ উৰণ-অৱতৰণৰ পৰীক্ষণ কাৰ্য সম্পন্ন কৰা হৈছে।