গুৱাহাটীৰ সৰুচাজাই ষ্টেডিয়াম চৌহদত ৩০০ বিচনাযুক্ত কোভিড-১৯ চিকিৎসালয় উদ্বোধন

pc NDTV

অনলাইন বাৰ্ত্তাসেৱা – সাম্ভাব্য তৃতীয় ঢৌৰ প্ৰস্তুতিৰ বাবে বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ সৰুচাজাই ষ্টেডিয়াম চৌহদত ৩০০ বিচনাযুক্ত কোভিড-১৯ৰ চিকিৎসালয় এখন উদ্বোধন কৰে। ৰাজ্যবোৰে সংক্ৰমণ ৰোধ কৰিবৰ বাবে লকডাউন, সান্ধ্য আইন বলৱত্ কৰাৰ পিছত এপ্ৰিল-মে মাহত বৃদ্ধি পোৱা সংক্ৰমণৰ এই বিধ্বংসী দ্বিতীয় ঢৌ হ্ৰাস হোৱা দেখা গৈছে। মুখ্যমন্ত্ৰীয়ে কয়, “আমি কোভিড-১৯ ৰোগীসকলক সেৱা আগবঢ়োৱাৰ বাবে সমগ্ৰ ৰাজ্যতে ৩০৯ খন আই.চি.ইউ বিচনা আৰু ২,৬৮৪ খন অক্সিজেনযুক্ত বিচনা স্থাপন কৰিবলৈ সক্ষম হৈছো।” ২১.৪৬ কোটি ব্যয়েৰে নিৰ্মাণ কৰা চিকিৎসালয়খন প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডি.আৰ.ডি.অ’.)ৰ সহায়ত ২০ দিনৰ ভিতৰত সম্পূৰ্ণ কৰা হৈছিল।ৰাষ্ট্ৰীয় ক্ৰীড়াৰ আগতে ২০০৭ চনত নিৰ্মাণ কৰা সৰুচাজাই ষ্টেডিয়াম কমপ্লেক্সক ফুটবল ষ্টেডিয়ামলৈ ৰূপান্তৰিত কৰা হৈছিল আৰু ইয়াৰে এটা অংশ চিকিৎসালয়লৈ ৰূপান্তৰিত কৰা হৈছে। দেশৰ আন প্ৰান্তৰ পৰা ৰাজ্যলৈ অহা লোকসকলক স্ক্ৰীণিং আৰু পৃথক কৰাৰ বাবে যোৱা বছৰ জুনত ইয়াক কোভিড কেয়াৰ আৰু সংৰক্ষণ কেন্দ্ৰলৈ পৰিৱৰ্তন কৰা হৈছিল। ৩,২০০ বৰ্গ মিটাৰ এলেকাত স্থাপন কৰা, ইয়াত সাধাৰণ ৱাৰ্ডত ২০০ খন অক্সিজেন বিচনা আৰু ১০০ খন আই.চি.ইউ. বিচনা আছে। ইয়াত এক্স-ৰে কোঠা, ফাৰ্মাচী, আল্ট্ৰাচাউণ্ড, ইচিজি কোঠা আৰু পৰীক্ষাগাৰ আছে।