গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম বৈভৱ-অসম সৌৰভ-অসম গৌৰৱ বঁটা প্ৰদান

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম বৈভৱ-অসম সৌৰভ-অসম গৌৰৱ বঁটা প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্য চৰকাৰে অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ অসমবাসীক অকৃত্ৰিমভাৱে সহায়-সহযোগিতাৰ কামত ব্ৰতী – হোৱা বিভিন্ন ক্ষেত্ৰৰ মুঠ ১৯গৰাকী নীৰৱ সাধকলৈ প্ৰদান কৰিব।আজি বিয়লি তিনি বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ভাৰত ৰত্ন সন্মান প্ৰদানৰ আৰ্হিত অসম চৰকাৰে আনুষ্ঠানিকভাৱে সেই সন্মান প্ৰদান কৰিব। ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে এই সন্মান প্রদান কৰিব।এইবাৰ ৰাজ্য চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ বিশিষ্ট উদ্যোগপতি, সমাজকর্মী, লোকহিতৈষী তথা অসমত কেঞ্চাৰ চিকিৎসাৰ ক্ষেত্ৰত অনবদ্য ভূমিকা গ্রহণ কৰা স্থপতিবিদস্বৰূপ ৰতন টাটাক আগবঢ়াব। এখন সংবাদ মেলত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দি কয় যে এখন পত্ৰৰ জৰিয়তে ৰতন টাটাই তেওঁ অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখনত ৰতন টাটাই তেওঁক ২০২১ বৰ্ষৰ অসম বৈভৱ সম্মান প্ৰদানৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক ভূয়সী প্রশংসা কৰে। আনহাতে অসম সৌৰভ সন্মানো অধ্যাপক ড° দীপক চান্দ জৈন দেশৰ বাহিৰত থকা বাবে তেওঁ আজি এই বঁটা গ্ৰহণ কৰিব নোৱাৰিব বুলি মুখ্যমন্ত্রী ড° শৰ্মাই জানিবলৈ দিয়ে।