গুৱাহাটীৰ বিজুলী ভৱনত শক্তি বিভাগৰ তিনিওটা কোম্পানীৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

pc India Today

অনলাইন বাৰ্ত্তাসেৱা – মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ বিজুলী ভৱনত শক্তি বিভাগৰ তিনিওটা কোম্পানী – অসম শক্তি বিতৰণ কোম্পানীলিমিটেড (এ.পি.ডি.চি.এল.), অসম শক্তি উৎপাদন নিগম লিমিটেড (এ.পি.জি.চি.এল.) আৰু অসম বিদ্যুৎ সংবহন নিগম লিমিটেড (এ.ই.জি.চি.এল.)ৰ শীর্ষ বিষয়াসকলৰ উপস্থিতিত এখন পর্যালোচনা বৈঠকত মিলিত হয়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰে যে প্রতিমাহে ৩০০ কোটি টকাৰ লোকচানেৰে চলিছে ৰাজ্যৰ শক্তি বিভাগ। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে শক্তি বিভাগে ৰাজ্যখনত যিমান গ্রাহকক বিদ্যুৎ যোগান ধৰে, তাৰ বিপৰীতে প্রতিমাহে ৩০০ কোটি টকা ৰাজহ কমকৈ লাভ কৰি আহিছে। বিদ্যুৎ চুৰি তথা প্রকৃত বিদ্যুৎ বিল আদায় নিদিয়াৰ ফলতেই প্রতিমাহে বিভাগটোৱে এই বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হৈ আহিছে।

         বৈঠকখনত শক্তি বিভাগৰ তিনিওটা কোম্পানীৰ লোকচান ৰোধ কৰাৰ লগতে সর্বসাধাৰণে যাতে অধিক বিদ্যুৎ বিল আদায় দিব নালাগে, সেই বিষয়ে আলোচনা কৰা বুলি জানিবলৈ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিদ্যুৎ বিলৰ মাচুল শক্তি বিভাগৰ তিনিওটা কোম্পানীয়ে কৰা আয় আৰু ব্যয়ৰ ওপৰত নির্ধাৰিত হয়। যদি কোনো গ্রাহকে প্রকৃত বিদ্যুৎ বিল আদায় নিদিয়ে, বিদ্যুৎ পৰিষদে সেই বোজা সর্বসাধাৰণ ৰাইজলৈ ঠেলি দিয়ে। বৈঠকখনত মুখ্যমন্ত্রী ড০ শর্মাই এ. পি. ডি. চি. এল. ক বিদ্যুৎ বিল পৰিশোধ নকৰা গ্রাহকসকলৰ এটা প্রফাইল প্রস্তুত কৰিবলৈ নির্দেশ দিয়ে।