গুৱাহাটীৰ নৱাপাৰাৰ মিলিজুলি পথত নিশা বিধ্বংসী অগ্নিকাণ্ড

গুৱাহাটীৰ নৱাপাৰাৰ মিলিজুলি পথত নিশা বিধ্বংসী অগ্নিকাণ্ড

ৰঙিলী বাৰ্ত্তাসেৱা-  38(a)নং ঘৰত জুইৰ সূত্ৰপাত হয়।ব্যৱসায়ী নিজাম আজাদৰ ঘৰত এই অগ্নিকাণ্ড। ঘৰৰ ভিতৰত থকা ৱাছিং মেচিনৰ পৰা জুইৰ সূত্ৰপাত হয়।স্থানীয় ৰাইজে পানী মাৰি জুই নিৰ্বাপন কৰাৰ পিছত অগ্নি নিৰ্বাপক বাহিনীৰ দুখন গাড়ী উপস্থিত হৈ পানী মাৰি জুই নিৰ্বাপন কৰে।এই অগ্নিকাণ্ডত দুই লাখ টকাৰ সামগ্ৰী ভস্মীভূত হয়। শ্বট চাৰ্কিটৰ বাবেই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি অগ্নি নিৰ্বাপক বাহিনীয়ে সন্দেহ কৰিছে।